জেএলআৰ ইণ্ডিয়াই ভাৰতত আগবঢ়াইছে নতুন আৰু বৰ্ধিত ডিস্কভাৰী স্প’ৰ্ট

জেএলআৰ ইণ্ডিয়াই ভাৰতত গ্ৰাহকৰ বাবে মুকলি কৰিলে নতুন আৰু বৰ্ধিত ডিস্কভাৰী স্প’ৰ্ট। এই ডিস্কভাৰী স্প’ৰ্ট গাড়ীখনত বহুমুখী ডিজাইন প্ৰদান কৰা হৈছে, য’ত আছে সাতখন আসনৰ লগতে আধুনিক বিলাসিতাৰ বাবে প্ৰস্তুত আকৰ্ষণীয় আৰু পৰিশোধিত নতুন ইণ্টেৰিয়ৰ। ডিস্কভাৰী স্প’ৰ্ট ডাইনেমিক এছইত আগবঢ়োৱা হৈছে দুটা পাৱাৰট্ৰেইন বিকল্প : ১৮৩ কিলোৱাট আৰু ৩৬৫ এনএম টৰ্কৰ সৈতে ২.০ লিটাৰ পেট্ৰ’ল ইঞ্জিন আৰু ১৫০ কিলোৱাট আৰু ৪৩০ এনএম টৰ্কৰ সৈতে ২.০ লিটাৰ ইঞ্জেনিয়াম ডিজেল ইঞ্জিন।

ডিস্কভাৰী স্প’ৰ্টত এতিয়া ষ্টেণ্ডাৰ্ড হিচাপে আছে ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ আৰু ষ্টিয়েৰিং হুইলত মাউণ্ট কৰা গিয়েৰশ্বিফ্ট পেডেল। লগতে ২৮.৯৫ চে.মি. কাৰ্ভড গ্লাছ টাচস্ক্ৰীণৰ সৈতে নতুনকৈ ডিজাইন কৰা চেণ্টাৰ কনচৌল প্ৰদান কৰা হৈছে। এই বাহনখনত অত্যাধুনিক আভ্যন্তৰীণ বায়ু গুণগত মানদণ্ডৰ প্ৰযুক্তি, ছফ্টৱেৰ অভাৰ দ্য এয়াৰৰ জৰিয়তে ৱায়াৰলেচ নিয়ন্ত্ৰণ আৰু ক্লিয়েৰচাইট গ্ৰাউণ্ড ভিউটিএম আৰু ৰিয়াৰ ভিউকে ধৰি কেমেৰা প্ৰযুক্তিৰ এক বিস্তৃত চ্যুট আৰু ৩ডি চাৰাউণ্ড কেমেৰা আছে।

সাতখন আসন আৰু ৬০০ মি.মি গভীৰতা প্ৰদান কৰা ডিস্কভাৰী স্প’ৰ্ট পৰিয়ালৰ সৈতে দুঃসাহসিক অভিযান(ফেমিলী এডভেঞ্চাৰ)ৰ বাবে সাজু। এই বিষয়ে জেএলআৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ৰাজন আম্বাই কয় যে, “এই বাহনখনত সা-সুবিধাৰে ভৰপুৰ, আধুনিক, কম্পেক্ট এছইউভি যাৰ এক বহুমুখী আভ্যন্তৰীণ, সামৰ্থ্যৰ প্ৰস্থতাৰ লগতে স্বজ্ঞাত প্ৰযুক্তি আছে, যিয়ে পৰিয়ালৰ প্ৰতিটো যাত্ৰাক এক সৰ্বোচ্চ আৰাম আৰু সুৰক্ষা প্ৰদান কৰে।”ভাৰতত এতিয়া ডিস্কভাৰী স্প’ৰ্ট ৬৭.৯০ লাখ টকাত ক্ৰয় কৰিব পাৰিব আৰু www.discovery/discovery-sport তো কনফিগাৰ কৰিব পাৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *