অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ বকোত ” কল্যাণী হস্পিটেল ” নামৰ এখন চিকিৎসালয়ৰ কালি শুভ উদ্বোধন কৰা হয়। কল্যাণী হস্পিটেল খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ত শাসুত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভাই। উদ্বোধনী অনুস্থানৰ লগত সংগতি ৰাখি উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভা যাত্ৰা।

শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস আৰু হস্পিটেল খনৰ মুখ্য সঞ্চালক ডা: অমিয়া ৰাভাই। বকোৰ এক মাত্ৰ উন্নত চিকিৎসা অনুস্থান ”কল্যাণী’ হস্পিটেলখনত আই চি ইউ কে সামৰি প্ৰায় ১৫০ খন বিচনাযুক্ত হস্পিটেলখনত সকলো ধৰণেৰে চিকিৎসাৰ উপযোগী কৰি তোলাৰ মতপ্ৰকাশ কৰে স্বত্বাধিকাৰিণী ডা: অমিয়া ৰাভাই।

কালি এক জনবহুল আৰু বৰ্ণাঢ্য কাৰ্য্যসূচীৰে চিকিৎস্যালয় খন শুভ উদ্ধোধন কৰা হয়।লগতে উদ্বোধণী অনুস্থানত উপস্থিত থাকি ৰাভা হাছংৰ চিফ টংকেশ্বৰ ৰাভা কয় যে ৰাম মন্দিৰৰ দৰে বকোৰ কল্যাণী হস্পিটেল খনো বিখ্যাত হওক আৰু বকোৰ ৰাইজে উন্নত চিকিৎস্যাৰ সুবিধা লাভ কৰক।