চীনৰ পিছত এইবাৰ জাপানত আহিছে স্বাস্থ্য সংকট

আকৌ এবাৰ সংক্ৰমণৰ ভয়ে গ্ৰাস কৰিছে। চীনৰ পিছত এইবাৰ জাপানত আহিছে স্বাস্থ্য সংকট।হঠাৎ জাপানত বিয়পি পৰিছে ইনফ্লুৱেঞ্জা। খবৰ অনুসৰি এই পৰ্যন্ত ৪ হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে। তীব্ৰ গতিত বাঢ়িছে সংক্ৰমিত লোকৰ সংখ্যা। তাপমাত্ৰা কমি অহাৰ লগে লগে সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। হঠাতে ইনফ্লুৱেঞ্জাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে মহামাৰী ঘোষণা কৰিছে জাপানৰ স্বাস্থ্য মন্ত্ৰালয়ে।৩ অক্টোবৰত জাপানৰ স্বাস্থ্য মন্ত্ৰালয়ে মহামাৰী ঘোষণা কৰে। ২২ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰৰ ভিতৰত ৪০৩০ জন লোক আক্ৰান্ত হৈছে। যোৱা সপ্তাহত আক্ৰান্ত লোকৰ সংখ্যা আছিল ৯৫৭ জন।এই ইনফ্লুৱেঞ্জাত আক্ৰান্ত লোকৰ অধিকাংশই শিশু। সংক্ৰমণ ৰোধৰ বাবে বন্ধ কৰি দিয়া হৈছে ১৩৫ খন বিদ্যালয়, কিণ্ডাৰগাৰ্টেন, শিশু যত্ন কেন্দ্ৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *