জম্মু-কাশ্মীৰত কৰ্তব্যৰত অৱস্থাতে শ্বহীদ দুজন পেৰা কমাণ্ডো

জম্মু-কাশ্মীৰত শেহতীয়া সময়ছোৱাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে জোৰদাৰ গতিত অভিযান চলোৱা হৈছে। নিৰাপত্তা বাহিনীৰ সন্ত্ৰাসবিৰোধী অভিযানত নিহত হৈছে বহু সন্ত্ৰাসবাদী সদস্য। আনহাতে প্ৰাণ হেৰুৱাইছে বহুকেইজন নিৰাপত্তাৰক্ষীয়েও। উপত্যকাটোৰ অনন্তনাগ জিলাত এনে এক অভিযানৰ সময়তে শ্বহীদ হৈছে ভাৰতীয় সেনাৰ দুজন পেৰা কমাণ্ডো। অভিযানৰ অংশ হিচাপে কৰ্তব্যৰত অৱস্থাতে শ্বহীদ হয় লেঞ্চ নায়ক সুজয় ঘোষ আৰু হাবিলদাৰ পলাশ ঘোষ।প্ৰকাশিত খবৰ অনুসৰি সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ অংশ হিচাপে কৰ্তব্যত থকাৰ সময়তে দুয়োগৰাকী সেনা জোৱান নিৰুদ্দেশ হৈ পৰে। ভাৰতীয় সেনাৰ সূত্ৰ মতে বৰফৰ ধুমুহাৰ মাজতে সন্ধানহীন হৈ পৰে জোৱান দুজন।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *