জালুকবাৰী সম জিলাত চুলাই মদ প্ৰস্তুত কৰা ভাটীত আবকাৰী বিভাগৰ অভিযান

গুৱাহাটী মহানগৰীক দেশী – বিদেশী অবৈধ সুৰাৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক দেৱজিৎ নাথৰ নিৰ্দেশত চলাই থকা অভিযানৰ অংশ হিচাপে আজি পুৱাৰে পৰা দূপৰীয়ালৈ জালুকবাৰী সম জিলাৰ অন্তৰ্গত জালুকবাৰী থানাৰ অন্তৰ্গত মালিগাঁও ছাটেলগেট আৰু আদিংগিৰি, আজাৰা থানাৰ অন্তৰ্গত বৰঝাৰৰ বিভিন্ন অঞ্চলত চুলাই মদ প্ৰস্তুত কৰা ভাটীত  এক বৃহৎ অভিযান চলায়।

জালুকবাৰী সম জিলাৰ উপ আবকাৰী অধীক্ষকৰ তদাৰকতাত জালুকবাৰী আবকাৰী চক্ৰ  আৰু বৰঝাৰ আবকাৰী চক্ৰৰ আবকাৰী পৰিদৰ্শকৰ নেতৃত্বত  আবকাৰী দলটোৱে চলোৱা অভিযানত  ১২০  লিটাৰৰো অধিক  চুলাই মদ আৰু চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত প্ৰায় ১১,৮০০  লিটাৰ  পাছ , ২০ টা বিভিন্ন ধৰণৰ সজুলি  জব্দ কৰা হয়।

আনহাতে অভিযানত এজন লোকক আটক কৰাৰ লগতে তেওঁৰ বিৰূদ্ধে অসম আবকাৰী আইন ৫৩(১) কৰ অধীনত বিভাগীয় গোচৰ ৰজু কৰি আদালতৰ জৰিয়তে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *