অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাটি বেদখলকাৰী আৰু দালাল চক্ৰৰ বিৰূদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি ঘোষণা কৰা আৰু সেই ঘোষণা অনুসৰি সময়ে সময়ে চলোৱা অভিযানত বহু বেদখলকাৰী আৰু দালালক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে। কিন্তু তাৰ পাছতো অদ্যাপি অব্যাহত আছে বেদখলকাৰী আৰু দালাল চক্ৰৰ দপদপনি। আনটো বাদেই খোদ মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিতে তেনে বেদখলকাৰীৰ দপদপনিত গুৱাহাটী ৰাজহ চক্ৰ আৰু জালুকবাৰী আৰক্ষী চকীৰ হেমাহীৰ বাবে এজন লোকে নিজৰ মাটি হেৰুওৱাৰ উপক্ৰম হৈছে। আনকি বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা যোৱা ১০ জুন পৰ্যন্ত সীমা নিৰ্ধাৰণ কৰাৰ বাবে চাৰিবাৰকৈ জাননী প্ৰেৰণ কৰাৰ পাছতো এতিয়ালৈ বেদখলকাৰীৰ কবলত পৰা মাটি উদ্ধাৰ কৰিব পৰা নাই জকুকবাতি আৰক্ষী চকীৰ অন্তৰ্গত মাজ জালুকবাৰী গাঁৱৰ সন্তোৰাম কলিতা নামৰ লোকজনে।
প্ৰাপ্ত খবৰ মতে জালুকবাৰী মৌজাৰ অন্তৰ্গত মাজ জালুকবাৰী গাঁৱত সন্তোৰাম কলিতা নামৰ এজন লোকৰ ম্যাদি পট্টাৰ মাটি পূৰ্বতে ভুৱা পাৱাৰ অফ এটৰ্ণীৰে জালিয়তিৰে মাটি বেদখলৰ অভিযোগ থকা গৌতম প্ৰসাদ কৈৰী আৰু তেওঁৰ ভাতৃ উত্তম প্ৰসাদ কৈৰীসহ পৰিয়ালৰ লোক ওলোটাই কলিতাক প্ৰাণনাশৰ ভাবুকিহে দি আহিছে। কৈৰী উপাধিৰ লোক দখল কৰা মাটি উদ্ধাৰ কৰাৰ বাবে জনোৱা আবেদনৰ ওপৰত ভিত্তি কৰি গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই বিগত বৰ্ষৰ ৪ আৰু ৮ ডিচেম্বৰ , চলিত বৰ্ষৰ ১১ এপ্ৰিল আৰু ১০ জুনত সীমা নিৰ্ধাৰণ কৰাৰ বাবে জাননী জাৰি কৰি দিনবাৰ ঠিক কৰাৰ পাছতো প্ৰতিবাৰে কৈৰী উপাধিৰ পৰিয়ালটোৱে পূৰ্ব পৰিকল্পিতভাবে আইন – শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে। ফলত সীমা নিৰ্ধাৰণ নকৰাকৈয়ে লাট মণ্ডল উভতি যাবলগীয়া হয়।
উল্লেখ্য যে মাজ জালুকবাৰী ৰাজহ গাঁৱত কলিতাৰ নামত থকা ৬৭৬ নম্বৰ দাগৰ ১৬৭ নম্বৰ পট্টাৰ ২ কঠা ১৮ লেছা মাটিখিনীত কৈৰী উপাধিৰ পৰিয়ালটোৱে পূৰ্বতে টিনৰ বেৰখন ভাঙি দিয়াৰ লগতে ভৱিষ্যতে পুনৰ তাত প্ৰৱেশ কৰিলে প্ৰাণে মৰা হব বুলি ভাবুকি দি আহিছে । আনহাতে চক্ৰ বিষয়াই অহা ২৩ জুনত সীমা নিৰ্ধাৰণ কৰাৰ বাবে দিনবাৰ ঠিক কৰিছে যদিও ভুক্তভোগী কলিতাই পুনৰ পূৰ্বৰ দৰে ঘটনাৰ পুনৰাবৃত্তি হব বুলিয়ে আশংকা ব্যক্ত কৰিছে । কিয়নো পূৰ্বতেও কৈৰী পৰিয়াল উপাধিৰ পৰিয়ালটোৰ গুণ্ডামীৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পাছতো ন্যায় পোৱা নাই কলিতাই।
