স্পষ্টবাদী হিচাপে পৰিচিত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নীতিন গাডকাৰীয়ে পুনৰ এক চাঞ্চল্য্যকৰ মন্তব্য কৰি ৰাজনৈতিক মহলত বিতৰ্কৰ সূচনা কৰিছে। দেওবাৰে সন্ধিয়া নাগপুৰত এক সংবাদমেলত অংশ লৈ ৬৮ বছৰীয়া নেতাগৰাকীয়ে কয় যে যেতিয়া কামবোৰ সূচাৰুৰূপে চলিবলৈ আৰম্ভ কৰে, তেতিয়া পুৰণি প্ৰজন্মই আঁতৰি আহি নতুন প্ৰজন্মক পথ এৰি দিব লাগে।
প্ৰণিধানযোগ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি ৪৯ বছৰীয়া নীতিন নবিনে দলৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰাৰ ঠিক আগে আগে গাডকাৰীয়ে এই মন্তব্য আগবঢ়াইছে। আৰএছএছৰ মুখ্য কাৰ্যালয় থকা তেওঁৰ গৃহ চহৰ নাগপুৰত অনুষ্ঠিত ‘এডভান্টেজ বিদৰ্ভ’ সম্পৰ্কীয় এক অনুষ্ঠানত তেওঁ কয়, ‘‘মই বিশ্বাস কৰোঁ যে লাহে লাহে প্ৰজন্মৰ পৰিৱৰ্তন হ’ব লাগে। এতিয়া আমাক লাহে লাহে অৱসৰ দি দায়িত্ববোৰ নতুন প্ৰজন্মক অৰ্পণ কৰিব লাগে। যেতিয়া বাহনখন সুন্দৰকৈ চলিবলৈ লয়, তেতিয়া আমি আঁতৰি আহি অন্য কামত মনোনিৱেশ কৰা উচিত।’’
উল্লেখ্য যে ইয়াৰ পূৰ্বেও নীতিন গাডকাৰীয়ে তেওঁৰ স্পষ্ট কথাৰে বহুবাৰ চৰ্চা লাভ কৰিছে। যোৱা বছৰ আগষ্ট মাহত তেওঁ কৈছিল যে যিয়ে মানুহক আটাইতকৈ বেছি মূৰ্খ বনাব পাৰে, তেওঁৱেই আটাইতকৈ ভাল নেতা হ’ব পাৰে। আনহাতে, জাতিবাদৰ বিৰুদ্ধেও তেওঁ কঠোৰ স্থিতি গ্ৰহণ কৰি কয় যে জাতিৰ কথা কোৱা লোকক তেওঁ কেতিয়াও সহ্য নকৰে।
নিজৰ কামৰ বাবে ‘আন্তঃগাঁথনিৰ মানুহ’ বুলি পৰিচিত গাডকাৰীৰ এই শেহতীয়া মন্তব্যই বিজেপিৰ ভিতৰচ’ৰাত নেতৃত্বৰ পৰিৱৰ্তনক লৈ চলি থকা চৰ্চাক অধিক তীব্ৰতৰ কৰি তুলিছে। অহা ৬ ফেব্ৰুৱাৰীৰ পৰা নাগপুৰত আৰম্ভ হ’বলগীয়া ‘এডভান্টেজ বিদৰ্ভ এক্সপো’ৰ মুখ্য পৰামৰ্শদাতা হিচাপে গাডকাৰীয়ে নতুন প্ৰজন্মৰ অংশগ্ৰহণক লৈ সন্তুষ্টি প্ৰকাশ কৰে।
