আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে ইজৰাইল আৰু হামাছ দুয়োয়ে আমেৰিকাৰ গাজা শান্তি পৰিকল্পনাৰ প্ৰথম পৰ্যায়ত স্বাক্ষৰ কৰিছে। ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত পোষ্ট কৰি কয় যে ইয়াৰ অৰ্থ হ’ল সকলো পণবন্দীক অতি সোনকালে মুকলি কৰি দিয়া হ’ব আৰু ইজৰাইলে নিজৰ সৈন্যক চুক্তিবদ্ধ সীমালৈকে প্ৰত্যাহাৰ কৰিব।
এইটো হ’ব এক শক্তিশালী, সুস্থিৰ আৰু স্থায়ী শান্তিৰ দিশত প্ৰথম পদক্ষেপ। সকলো পক্ষৰ সৈতে ন্যায্য ব্যৱহাৰ কৰা হ’ব। ট্ৰাম্পে লিখিছে আৰব আৰু মুছলমান বিশ্বৰ বাবে, ইজৰাইলৰ বাবে, ইয়াৰ সকলো চুবুৰীয়া দেশৰ বাবে আৰু আমেৰিকাৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক দিন।
এই বিষয়ত মধ্যস্থতা কৰা কাটাৰ, ইজিপ্ত আৰু তুৰস্কক ধন্যবাদ জনায় আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে।
