অসমৰ ৰাজনীতিত অপ্ৰাসংগিক আজমল! সংখ্যালঘু সমাজত জনপ্ৰিয়তাৰ দৌৰৰ শীৰ্ষত গৌৰৱ গগৈ

২০২৪ চনৰ লোকসভা নিৰ্বাচনত আৰম্ভ হোৱা বদৰুদ্দিন আজমল বিৰোধী ঢৌ এতিয়াও ৰাজ্যৰ ৰাজনীতিত অব্যাহত থকা পৰিলক্ষিত হৈছে। বিশেষকৈ ৰাজ্যৰ সংখ্যালঘু তথা মিঞা প্ৰধান সমষ্টিসমূহত এআইইউডিএফৰ মুৰব্বীগৰাকীৰ জনপ্ৰিয়তা ক্ৰমাৎ হ্ৰাস পোৱাৰ বিপৰীতে কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ গ্ৰহণযোগ্যতা বৃদ্ধি পোৱা দেখা গৈছে। শেহতীয়াকৈ ‘ভোট ভাইব’ নামৰ প্ৰতিষ্ঠানটোৱে চলোৱা এক সমীক্ষাই আজমলৰ শিবিৰত তীব্ৰ জোকাৰণি তুলিছে। এই সমীক্ষা অনুসৰি, সংখ্যালঘু অধ্যুষিত এলেকাৰ সৰ্বাধিক ভোটাৰৰ পছন্দৰ নেতা হিচাপে আত্মপ্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে। আচৰিত ধৰণে মাত্ৰ ৩ শতাংশ সংখ্যালঘু ভোটাৰেহে বদৰুদ্দিন আজমলক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে বুলি মত প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে ৭৯ শতাংশ লোকে গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰ আসনত দেখাৰ ইচ্ছা ব্যক্ত কৰিছে।

লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিত ৰকিবুল হুছেইনৰ হাতত হোৱা লজ্জাজনক পৰাজয়ৰ পাছত এয়া আজমলৰ বাবে আন এক মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে। সমীক্ষাৰ ফলাফলক লৈ এতিয়া কংগ্ৰেছ নেতৃত্ব যথেষ্ট আত্মবিশ্বাসী হৈ পৰা দেখা গৈছে। দলটোৰ একাংশ নেতাই দাবী কৰিছে যে এই সমীক্ষা বাস্তৱসন্মত আৰু ইয়েই প্ৰমাণ কৰে যে ৰাইজে বিকল্প বিচাৰিছে। আনহাতে, এআইইউডিএফ নেতৃত্বই এই সমীক্ষাক সম্পূৰ্ণৰূপে নস্যাৎ কৰি দাবী কৰিছে যে ২০২৬ চনত কংগ্ৰেছে বিৰোধী দলৰ মৰ্যাদাও হেৰুৱাব। এই বিতৰ্কৰ মাজতে ৰাইজৰ দলত যোগদান কৰা নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে আজমলক তীব্ৰ কটাক্ষ কৰে। তেওঁৰ মতে, এআইইউডিএফ এতিয়া বিদায় লগ্নত উপনীত হৈছে আৰু দলটোক মাত্ৰ ৰাজনৈতিক সান্তনাৰহে প্ৰয়োজন। উল্লেখ্য যে বিজেপিৰ আগ্ৰাসী ৰাজনীতিৰ বিপৰীতে কংগ্ৰেছে সংখ্যালঘু প্ৰধান প্ৰায় ২২টা সমষ্টিত এআইইউডিএফৰ বিৰুদ্ধে কঠোৰ প্ৰত্যাহ্বান জনাইছে। এনে পৰিস্থিতিত গৌৰৱ গগৈৰ এই বৰ্ধিত জনপ্ৰিয়তাই ২০২৬ চনত কি ৰূপ লয়, সেয়া লক্ষণীয় হ’ব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *