ফিফা বিশ্বকাপত প্ৰতিদ্বন্দিতা নকৰে ইৰানে

ইৰানৰ ক্ৰীড়া মন্ত্ৰী আহমদ দুনিয়ামালিয়ে ২০২৬ ৰ ফিফা বিশ্বকাপত তেওঁলোকৰ ফুটবল দলে অংশগ্ৰহণ কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে। আমেৰিকা-ইজৰাইলৰ আক্ৰমণত ইৰানৰ সৰ্বোচ্চ নেতাক হত্যা কৰাৰ পিছৰ পৰিস্থিতিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে ফিফাৰ মতে ২০২৬ ৰ ফিফা বিশ্বকাপত ইৰানে খেলা-মেখেলাৰ চূড়ান্ত সিদ্ধান্ত ইৰানী ফুটবল ফেডাৰেচনৰ হাতত থাকিব।

ক্ৰীড়া মন্ত্ৰীগৰাকীৰ এই বক্তব্যৰ পিছতো একেটা দলেই সিদ্ধান্ত ল’ব যে দলটোৱে বিশ্বকাপত অংশগ্ৰহণ কৰিব নে নকৰে। ইয়াৰ পূৰ্বে ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে উল্লেখ কৰিছিল যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁক আশ্বাস দিছে যে ইৰানৰ ৰাষ্ট্ৰীয় দলটোক ২০২৬ চনৰ বিশ্বকাপত খেলিবলৈ আমেৰিকালৈ যাবলৈ অনুমতি দিয়া হ’ব।এইবাৰ ফিফা বিশ্বকাপ আমেৰিকা, কানাডা আৰু মেক্সিকোৱে যৌথভাৱে আয়োজন কৰি আছে ১১ জুনৰ পৰা ১৯ জুলাইলৈ।

অব্যাহত থকা আমেৰিকা-ইৰাণ যুদ্ধৰ বাবে ইৰানৰ ওপৰত ভ্ৰমণ আৰু ভিছা নিষেধাজ্ঞা জাৰি কৰাৰ পিছত দলটোৰ অংশগ্ৰহণৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল। ২০২৬ চনৰ বিশ্বকাপৰ বাবে ইৰানৰ গ্ৰুপ মেচ নিশ্চিত। ১৫ জুনত কেলিফৰ্ণিয়াৰ ইংলউডত নিউজিলেণ্ড, ২১ জুনত বেলজিয়াম আৰু ২৬ জুনত ছিয়াটলত ইজিপ্তৰ বিৰুদ্ধে খেলিব দলটোৱে। বেলজিয়াম, ইজিপ্ত, নিউজিলেণ্ডৰ সৈতে গ্ৰুপ জি-ত ইৰানক ড্ৰ’ কৰা হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *