ফিফা বিশ্বকাপ ২০২৬ৰ প্ৰথম ৰাউণ্ডৰ মেচসমূহ আমেৰিকাৰ পৰা মেক্সিকোলৈ স্থানান্তৰিত কৰাৰ বাবে ইৰান ফুটবল ফেডাৰেচনে ক্ৰীড়াৰ বিশ্ব শাসক সংস্থাৰ সৈতে আলোচনাত মিলিত হৈছে।ইয়াৰ আঁৰৰ কাৰণ মধ্যপ্ৰাচ্যত চলি থকা সংঘাত বুলি কোৱা হৈছে। ইৰানৰ ফুটবল মুৰব্বী মেহদি তাজে দূতাবাসৰ এক্স একাউণ্টত প্ৰকাশ কৰা এক বিবৃতিত কয় যে যিহেতু (আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড) ট্ৰাম্পে স্পষ্টভাৱে উল্লেখ কৰিছে যে তেওঁ ইৰানৰ ৰাষ্ট্ৰীয় দলৰ নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰে, গতিকে আমি নিশ্চিতভাৱে আমেৰিকালৈ নাযাওঁ। বৰ্তমান আমি ফিফাৰ সৈতে আলোচনা কৰি আছো যে ইৰানৰ বিশ্বকাপৰ মেচ মেক্সিকোত অনুষ্ঠিত হ’ব।
২৮ ফেব্ৰুৱাৰীত মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পোৱাৰ পিছৰে পৰা আমেৰিকা, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপত ইৰানৰ অংশগ্ৰহণৰ ওপৰত সন্দেহৰ সৃষ্টি হৈছে। সূচী অনুসৰি ইৰানে নিজৰ গ্ৰুপৰ দুখন মেচ লছ এঞ্জেলছত (১৫ জুন বনাম নিউজিলেণ্ড, ২১ জুন বনাম বেলজিয়াম) আৰু এখন ছিয়াটলত (২৬ জুন বনাম ইজিপ্ত) খেলাৰ কথা। বৰ্তমান এৰিজোনাৰ টাচনত এই প্ৰতিযোগিতাখনৰ বাবে দলটোৰ বেছ কেম্প স্থাপন কৰা হৈছে। দূতাবাসৰ ৱেবছাইটত প্ৰকাশ কৰা এক বিবৃতিত মেক্সিকোত থকা ইৰানৰ ৰাষ্ট্ৰদূত আবোলফাজল পাছাণ্ডিদেহে বিশ্বকাপৰ পূৰ্বে ইৰানৰ প্ৰতিনিধি দলটোক ভিছা প্ৰদান আৰু লজিষ্টিক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত আমেৰিকা চৰকাৰৰ সহযোগিতাৰ অভাৱক তীব্ৰ সমালোচনা কৰে।
ইৰানৰ ক্ৰীড়া মন্ত্ৰীয়ে যোৱা সপ্তাহত কয় যে ইজৰাইলৰ সহযোগত আমেৰিকাই তেহৰানত বিমান আক্ৰমণ চলাই ইছলামিক ৰিপাব্লিকৰ শীৰ্ষ নেতাক হত্যা কৰাৰ পিছত ইৰানৰ খেলুৱৈসকলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাটো অসম্ভৱ। যদিহে দলটোৱে আনুষ্ঠানিকভাৱে আঁতৰি যায় তেন্তে আধুনিক যুগত ই প্ৰথমটো হ’ব আৰু ইয়াৰ পিছত ফিফাৰ হাতত প্ৰতিস্থাপক বিচাৰি উলিওৱাৰ তাৎক্ষণিক কাম হ’ব। আমেৰিকা, মেক্সিকো, কানাডাৰ সহযোগত আয়োজিত ২০২৬ চনৰ ফিফা বিশ্বকাপত ১১ জুনৰ পৰা ১৯ জুলাইলৈ অনুষ্ঠিত হ’ব।৪৮টা দলে অংশগ্ৰহণ কৰি বিশ্বকাপৰ ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা হিচাপে পৰিগণিত হ’ব।
