২৬ মাৰ্চৰ পৰা ৩১ মে’ৰ ভিতৰত আই পি এল

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পৰৱৰ্তী ছিজন ২৬ মাৰ্চৰ পৰা ৩১ মে’ৰ ভিতৰত (প্ৰতিযোগিতাখনৰ নিৰ্ধাৰিত সময়) অনুষ্ঠিত হ’ব। কিন্তু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে নিজৰ ঘৰুৱা খেলপথাৰ বেংগালুৰুত প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল আয়োজন কৰিবলৈ সক্ষম হ’ব নে নহয় সেয়া লক্ষ্যণীয় হ’ব।

নিয়ম অনুসৰি এম চিন্নাস্বামী ষ্টেডিয়ামত প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল আয়োজন কৰাৰ সুযোগ দিয়া উচিত কাৰণ ঘৰুৱা দল আৰ চি বিয়ে আই পি এল ২০২৫ খিতাপ দখল কৰিছে।

যদিও কৰ্ণাটক ৰাজ্য চৰকাৰে চৰ্তসাপেক্ষ অনুমোদন দিছে যদিও চলিত বৰ্ষৰ জুন মাহত আৰ চি বিৰ বিজয় উদযাপনৰ সময়ত ১১ জন অনুৰাগীৰ মৃত্যু হোৱাৰ পিছত প্ৰয়োজনীয় সুৰক্ষা মানদণ্ড পূৰণ কৰিব লাগিব। আজি আবুধাবিত অনুষ্ঠিত হয় আই পি এল ২০২৬ৰ মিনি নিলাম।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *