কংগ্ৰেছত তীব্ৰ জোকাৰণি! হাত এৰি গেৰুৱা বসন পিন্ধাৰ দিশে ভূপেন বৰা, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি

সমাগত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছত সৃষ্টি হৈছে তীব্ৰ খহনীয়াৰ। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই দলৰ সকলো দায়িত্বৰ পৰা পদত্যাগ কৰি হাইকামাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগে লগে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ১৬ ফেব্ৰুৱাৰীত দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰা এই পদত্যাগ পত্ৰই কংগ্ৰেছৰ দুৰ্গত এক ডাঙৰ ফাট মেলিছে।

বিহপুৰীয়াৰ দুবাৰৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ২০২১ চনৰ জুলাই মাহৰ পৰা দলৰ নেতৃত্ব দি আহিছিল যদিও গৌৰৱ গগৈক হাইকমাণ্ডে নেতৃত্ব প্ৰদান কৰাৰ পিছতে লাহে লাহে বৃদ্ধি পাইছিল ব্যৱধান। বিশেষকৈ ২০২৬-ৰ নিৰ্বাচনৰ আসন বুজাবুজি আৰু বিৰোধী ঐক্যৰ গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ পাছতো দলৰ ভিতৰচ’ৰাত ৰকিবুল হুছেইনৰ স্থিতি আৰু প্ৰভাৱক লৈ বৰা অসন্তুষ্ট আছিল বুলি চৰ্চা চলিছে। এই অন্তৰ্কন্দলৰ পৰিণতিতেই তেওঁ দলৰ পৰা আঁতৰি অহাৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইফালে পদত্যাগৰ পাছতে ভূপেন বৰাই নিজৰ ছচিয়েল মিডিয়াৰ পৰাও দলীয় পৰিচয় আঁতৰাই পেলাইছে। ৰাজনৈতিক মহলত এতিয়া এটাই আলোচনা চলিছে যে অহা ২০ ফেব্ৰুৱাৰীত তেওঁ আনুষ্ঠানিকভাৱে গেৰুৱা দলত যোগদান কৰাৰ সম্ভাৱনা প্ৰবল। নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত ভূপেন বৰাৰ এই ৰণত্যাগ কংগ্ৰেছৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *