আৰণ্যকৰ উদ্যোগত ৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সৌৰ শক্তি চালিত বেৰা স্থাপন

মনৱ-হাতী সংঘাত প্ৰশমন আৰু সহৱস্থানক উদগনিৰ অৰ্থে অব্যাহত ৰখা নিৰবিচ্ছিন্ন প্ৰচেষ্টাৰ অংশহিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে যোৰহাট জিলাৰ মুঠ আঠখন গাঁও সামৰি এতিয়ালৈকে প্ৰায় ৩০.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ সৌৰ শক্তি চালিত বেৰা স্থাপন কৰিছে । তিনিখন প্ৰকল্প গাঁও ক্ৰমে হাতীশাল চাপৰি, শগুনপাৰা, বেজৰছিগা আৰু ইয়াৰ গাতে লাগি থকা পাচঁখন গাঁও ক্ৰমে জপং গাঁও, তিনিঘৰীয়া, চুমনি চাপৰি, মাজৰ চাপৰি আৰু চোতাল বাঘ গাঁৱক সামৰি এই বেৰাখন স্থাপন কৰা হৈছে।

আৰণ্যকে “ব্ৰিটিছ এছিয়ান ট্ৰাষ্ট” আৰু “এলিফেন্ট ফেমিলী”ৰ সহযোগ আৰু “ডাৰউইন ইনিছিয়েটিভ” সহায়ত স্থাপন কৰা এই সৌৰ শক্তি চালিত বেৰাখনৰ ফলত মানৱ-হাতী সংঘত প্ৰভাৱিত গাঁওসমূহৰ ১০৪৭ টা পৰিয়াল তথা ৫০০০ ৰো অধিক লোক উপকৃত হৈছে । পূৰ্বে বনৰীয়া হাতীৰ জাকে এই গাঁওবোৰত প্ৰৱেশ কৰি ধান আৰু অন্য শস্য খাই পেলোৱাৰ ফলত কৃষিজীৱি লোকসকল গভীৰ সমস্যাৰ সন্মুখীন হৈছিল। এই সৌৰ শক্তি চালিত বেৰা স্থাপনৰ পাছত গাঁওবোৰত বনৰীয়া হাতীয়ে শস্য খোৱাৰ ঘটনা যঠেষ্ট হ্ৰাস পাইছে আৰু ধানৰ লগতে অন্য শস্যক হাতীৰ পৰা ৰক্ষা কৰি এই বেৰাই গাঁওবাসীৰ জীৱন আৰু জীৱিকাক সুৰক্ষিত কৰিছে।

সৌৰ শক্তি চালিত বেৰাখনৰ ফলত হাতীশাল চাপৰিৰ ২৯০ ঘৰ, চোতাল বাঘৰ ১৪৬ ঘৰ, চুমনি চাপৰিৰ ১৪৬ ঘৰ, বেজৰছিগাৰ ৮০ ঘৰ, মাজৰ চাপৰিৰ ৩০ ঘৰ আৰু শগুণপাৰা ৰাজহ গাঁৱৰ অন্তৰ্গত জপং গাঁৱৰ ১৭৫ ঘৰ আৰু তিনিঘৰীয়াৰ ১৮০ ঘৰ  লোক উপকৃত হৈছে ।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *