দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ বাবে দেওবাৰে ভাৰতীয় দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়ে জ্যেষ্ঠ বেটছমেন কে এল ৰাহুলক। নিয়মীয়া অধিনায়ক শুবমান গিলক ডিঙিত আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰ হোৱাৰ পিছতে ৰাহুলক দলৰ কমাণ্ড দিয়া হৈছিল।
নিয়মীয়া অধিনায়ক শুভমন গিলক ডিঙিত আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰ হোৱাৰ পিছতে ৰাহুলক দলৰ দায়িত্ব দিয়া হৈছে। কলকাতাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ সময়ত ডিঙিত আঘাত পাইছিল গিলে। এই ছিৰিজৰ উপ অধিনায়ক হ’ব উইকেটকীপাৰ-বেটছমেন ঋষভ পণ্ট। ৩০ নৱেম্বৰত ৰাঁচীত আৰম্ভ হ’ব এই শৃংখলাৰ প্ৰথমখন খেল।
ইয়াত পিছত ৰায়পুৰ (৩ ডিচেম্বৰ) আৰু বিশাখাপট্টনমত (৬ ডিচেম্বৰ) খেল অনুষ্ঠিত হ’ব। ভাৰতৰ এদিনীয়া দল: ৰোহিত শৰ্মা, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, তিলক বৰ্মা, কে এল ৰাহুল (অধিনায়ক), ঋষভ পণ্ট (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ, নীতিশ কুমাৰ ৰেড্ডী, হৰ্ষিত ৰানা, ৰুতুৰাজ গাইকৱাদ, প্ৰসিধ কৃষ্ণ, আৰ্শদ্বীপ সিং, ধ্ৰুৱ জুৰেল।
