বিদেশৰ মাটিত পুনৰ হত্যা ভাৰতীয় ছাত্ৰক! কানাডাত মৃত্যু শিৱাঙ্ক অৱস্থীৰ

বিদেশৰ মাটিত পুনৰ এজন মেধাৱী ভাৰতীয় ছাত্ৰই প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই প্ৰবাসী ভাৰতীয়সকলৰ মাজত তীব্ৰ শংকা আৰু উদ্বেগৰ সৃষ্টি কৰিছে। উচ্চ শিক্ষাৰ বাবে কানাডালৈ যোৱা এজন ২০ বছৰীয়া গৱেষক ছাত্ৰক টৰণ্টোত নিৰ্মমভাৱে গুলীয়াই হত্যা কৰা হৈছে। এই মৰ্মান্তিক ঘটনাই দেশখনৰ আইন-শৃংখলা আৰু ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তাক লৈ নতুনকৈ প্ৰশ্ন উত্থাপন কৰিছে।

মঙলবাৰে বিয়লি প্ৰায় ৩:৩৪ বজাত টৰণ্টো বিশ্ববিদ্যালয়ৰ স্কাৰবৰো কেম্পাছৰ ওচৰৰ ওল্ড কিংষ্টন ৰোডৰ সমীপত এই হত্যাকাণ্ড সংঘটিত হয়। মৃত ছাত্ৰজনক শিৱাঙ্ক অৱস্থী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ শিৱাঙ্কক গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ কৰে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।টৰণ্টো আৰক্ষীৰ মতে, দুৰ্বৃত্তই গুলীচালনা কৰি আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। চলিত ২০২৫ বৰ্ষত টৰণ্টোত সংঘটিত হোৱা এইটো ৪১ সংখ্যক হত্যাকাণ্ড। আৰক্ষীয়ে বৰ্তমান এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু ৰাইজৰ পৰা তথ্য বিচাৰিছে।

কানাডাত থকা ভাৰতীয় কনচুলেট জেনেৰেলে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁলোকে জনাইছে যে শোকসন্তপ্ত পৰিয়ালটোৰ সৈতে তেওঁলোক যোগাযোগত আছে আৰু স্থানীয় প্ৰশাসনৰ সহযোগত যাৱতীয় সকলো সহায় আগবঢ়োৱা হৈছে।উল্লেখযোগ্য যে চলিত মাহতে কানাডাৰ এডমন্টন চহৰতো পঞ্জাৱৰ দুজন যুৱকক গুলীয়াই হত্যা কৰা হৈছিল। ইয়াৰ পাছতেই টৰণ্টোৰ এই ঘটনাই কানাডাত থকা ভাৰতীয় সমাজক অধিক মৰ্মাহত কৰি তুলিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *