ৰাঁচী টেষ্টত টীম ইণ্ডিয়াৰ জয়লাভ

ভাৰত আৰু ইংলেণ্ডৰ মাজত এখন পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ চতুৰ্থখন খেলত টীম ইণ্ডিয়াই ইংলেণ্ডক পাঁচ উইকেটত পৰাস্ত কৰে। এই বিজয়ৰ পিছত, টীম ইণ্ডিয়াই শৃংখলাটোত ৩-১ ৰ অপৰাজেয় অগ্ৰগতি অৰ্জন কৰিছে। টীম ইণ্ডিয়াৰ হৈ ধ্ৰুৱ জুৰেল আৰু শুভমান গিলে ষষ্ঠ উইকেটৰ বাবে অপৰাজিত ৭২ ৰানৰ অংশীদাৰীত্ব কৰে। জুৰেলৰ অন্তিম দুই ৰান অৰ্জনৰ সৈতে ভাৰতে জয় লাভ কৰে। জুৰেলে ৩৯ ৰানত আৰু শুভমানে ৫২ ৰানত অপৰাজিত আছিল।

অধিনায়ক ৰোহিত শৰ্মাই ৫৫ ৰান সংগ্ৰহ কৰে। উল্লেখ্য যে, চতুৰ্থ টেষ্ট মেচখনত টছত জয়ী হোৱাৰ পিছত, ইংলেণ্ডে তেওঁলোকৰ প্ৰথম ইনিংছত ৩৫৩ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতৰ প্ৰথম ইনিংছ ৩০৭ ৰানত অলআউট হয়। ইয়াৰ পিছত, দ্বিতীয় ইনিংছত ইংলেণ্ডৰ দলটো ১৪৫ ৰানত অলআউট হয় আৰু ভাৰতে ১৯২ ৰানৰ লক্ষ্য লাভ কৰে। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে দ্বিতীয় ইনিংছত সহজে লক্ষ্য প্ৰাপ্ত কৰে আৰু চতুৰ্থ খন মেচত পাঁচ উইকেটত জয়লাভ কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *