ভাৰত আৰু বাংলাদেশৰ মাজত চলি থকা ক্ৰমবৰ্ধমান ৰাজনৈতিক উত্তেজনাৰ প্ৰভাৱ এতিয়া ক্ৰীড়া জগততো স্পষ্টকৈ পৰিছে। এই চেপা উত্তেজনাৰ মাজতে আগন্তুক ২০২৬ বৰ্ষৰ টি-২০ বিশ্বকাপৰ মেচসমূহ ভাৰতৰ পৰা স্থানান্তৰিত কৰিবলৈ বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে (বিচিবি) জনোৱা বিশেষ অনুৰোধ নাকচ কৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি)। খেলুৱৈৰ নিৰাপত্তাৰ দোহাই দি বাংলাদেশে তেওঁলোকৰ গ্ৰুপ পৰ্যায়ৰ খেলসমূহ শ্ৰীলংকালৈ নিবলৈ দাবী জনাইছিল যদিও আইচিচিয়ে সেই দাবী মানি লবলৈ অমান্তি হয়। ই এছ পি এন ক্ৰিকইনফোৰ এক প্ৰতিবেদন অনুসৰি, আইচিচিয়ে বাংলাদেশক নিৰ্ধাৰিত সময়সূচী মানি চলিবলৈ নিৰ্দেশ দিছে। অৰ্থাৎ বিশ্বকাপত বাংলাদেশে কলকাতা আৰু মুম্বাইৰ খেলপথাৰতে খেলিব লাগিব।
প্ৰণিধানযোগ্য যে, আই পি এল ২০২৬ ৰ নিলামত কলকাতা নাইট ৰাইডাৰ্ছে ক্ৰয় কৰা বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক লৈ সৃষ্টি হোৱা বিতৰ্কই এই পৰিস্থিতিৰ সূত্ৰপাত ঘটায়। বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ ওপৰত চলা নিৰ্যাতনৰ প্ৰতিবাদত ভাৰতত মুস্তাফিজুৰক আই পি এলৰ পৰা অপসাৰণৰ দাবী তীব্ৰতৰ হৈ পৰিছিল। পৰিণতিত বি চি চি আইৰ নিৰ্দেশত কে কে আৰ কৰ্তৃপক্ষই মুস্তাফিজুৰক দলৰ পৰা বহিষ্কাৰ কৰে। এই ঘটনাক বাংলাদেশৰ ক্ৰীড়া মন্ত্ৰালয় আৰু ক্ৰিকেট ব’ৰ্ডে তীব্ৰ অপমান হিচাপে গণ্য কৰি জৰুৰী বৈঠক আহ্বান কৰে আৰু বিশ্বকাপৰ স্থান সলনিৰ বাবে আইচিচিক ইমেইল প্ৰেৰণ কৰে। ৰাজনৈতিক উত্তেজনাৰ মাজতে আইচিচিয়ে গ্ৰহণ কৰা এই কঠোৰ স্থিতি এতিয়া বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। বাংলাদেশে ভাৰত ভ্ৰমণ নকৰাৰ যি হুংকাৰ দিছিল, আইচিচিৰ এই নিৰ্দেশৰ পিছত দেশখনে এতিয়া কি পদক্ষেপ লয় সেয়া লক্ষণীয় হ’ব। অৱশ্যে আইচিচিৰ পৰা আনুষ্ঠানিক আৰু লিখিত সঁহাৰিৰ বাবে বি চি বিয়ে এতিয়াও অপেক্ষা কৰিছে।
