ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বুধবাৰে ২০২৫ চনৰ ঘৰুৱা ছিজনৰ সময়সূচী ঘোষণা কৰে, যাৰ অধীনত আহমেদাবাদ, কলকাতা, নতুন দিল্লী আৰু গুৱাহাটীয়ে এই অধিৱেশনত ঘৰুৱা খেলৰ আয়োজন কৰিব। ভাৰতে এই বছৰৰ অক্টোবৰত ৱেষ্ট ইণ্ডিজৰ সৈতে দুখন টেষ্টৰ শৃংখলা খেলিব। যাৰ আয়োজক ভাৰত হ’ব। এই টেষ্ট আহমেদাবাদ আৰু কলকাতাত অনুষ্ঠিত হ’ব। তাৰ পিছত দক্ষিণ আফ্ৰিকাৰ দলটোৱে নৱেম্বৰত দুখন টেষ্ট মেচ খেলিবলৈ ভাৰত ভ্ৰমণ কৰিব, যিখন নতুন দিল্লী আৰু গুৱাহাটীত অনুষ্ঠিত হ’ব।
গুৱাহাটীয়ে প্ৰথমবাৰৰ বাবে এখন টেষ্ট মেচ আয়োজন কৰিব। টেষ্ট মেচৰ উপৰিও ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলো খেলিব। ভাৰতীয় দলৰ ঘৰুৱা অধিৱেশনৰ সময়সূচী নিম্নলিখিত ধৰণৰ: ৱেষ্ট ইণ্ডিজৰ ভাৰত ভ্ৰমণঃ প্ৰথমখন টেষ্ট ৬ অক্টোবৰৰ পৰা আহমেদাবাদত অনুষ্ঠিত হ’ব। দ্বিতীয় খন টেষ্ট ১৪ অক্টোবৰৰ পৰা কলকাতাত অনুষ্ঠিত হ’ব। দক্ষিণ আফ্ৰিকা ভাৰত ভ্ৰমণঃ প্ৰথমখন টেষ্ট ১৮ নৱেম্বৰৰ পৰা নতুন দিল্লীত অনুষ্ঠিত হ’ব। দ্বিতীয়খন টেষ্ট ২৬ নৱেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব।
প্ৰথমখন এদিনীয়া খেল ৩০ নৱেম্বৰত ৰাঁচীত অনুষ্ঠিত হ’ব। দ্বিতীয়খন এদিনীয়া খেল ৩ ডিচেম্বৰত ৰায়পুৰত অনুষ্ঠিত হ’ব। তৃতীয়খন এদিনীয়া খেল ৬ ডিচেম্বৰত বিশাখাপত্তনমত অনুষ্ঠিত হ’ব। প্ৰথম খন টি-২০ মেচ ৯ ডিচেম্বৰত খেলা হ’ব। দ্বিতীয়খন টি-২০ মেচ ১১ ডিচেম্বৰত চণ্ডিগড়ত খেলা হ’ব। তৃতীয় টি-২০ খন ১৪ ডিচেম্বৰত ধৰ্মশালাত খেলা হ’ব। চতুৰ্থ খন টি-২০ মেচ ১৭ ডিচেম্বৰত লক্ষ্ণৌত খেলা হ’ব। পঞ্চম টি-২০ মেচ ১৯ ডিচেম্বৰত আহমেদাবাদত খেলা হ’ব।