১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব ভাৰত- ইএফটিএৰ ১০০ বিলিয়ন ডলাৰৰ বাণিজ্য চুক্তি

ভাৰত আৰু চাৰিখন দেশৰ ইউৰোপীয় মুক্ত বাণিজ্য সংস্থা (ই এফ টি এ) গোটৰ মাজত হোৱা মুক্ত বাণিজ্য চুক্তি ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব।কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱালে শনিবাৰে এক্স পোষ্টত এই তথ্য প্ৰদান কৰে। দুয়োপক্ষই ২০২৪ চনৰ ১০ মাৰ্চত বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (TEPA)ত স্বাক্ষৰ কৰে।এই চুক্তিৰ অধীনত ইএফটিএত অন্তৰ্ভুক্ত দেশসমূহে অহা ১৫ বছৰত ভাৰতত ১০০ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব। লগতে চুইছ ঘড়ী, চকলেট, আৰু পলিচ কৰা হীৰা আদি বহু সামগ্ৰী কম বা শূন্য শুল্কত ভাৰতলৈ আমদানি কৰিব পৰা যাব।

ই এফ টি এত আইচলেণ্ড, লিচেনষ্টাইন, নৰৱে, চুইজাৰলেণ্ড আদি অন্তৰ্ভুক্ত। ই এফ টি এ দেশৰ বিনিয়োগে ভাৰতত ১০ লাখ প্ৰত্যক্ষ চাকৰিৰ সৃষ্টি কৰাত সহায় কৰিব। এই চুক্তিৰ অধীনত অহা ১০ বছৰত ৫০ বিলিয়ন ডলাৰ আৰু অহা পাঁচ বছৰত আৰু ৫০ বিলিয়ন ডলাৰ বিনিয়োগ কৰা হ’ব। এই গোটত ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ হৈছে ছুইজাৰলেণ্ড। বাকী তিনিখন দেশৰ লগত বাণিজ্য কম। এই চুক্তিৰ অধীনত ভাৰতে নিজৰ শুল্ক লাইন বা সামগ্ৰীৰ শিতানৰ ৮২.৭ শতাংশ আগবঢ়াইছে, ই এফ টি এৰ ৰপ্তানিৰ ৯৫.৩ শতাংশ সামৰি লৈছে।

তদুপৰি এই চুক্তিয়ে ঘৰুৱা ৰপ্তানিকাৰকসকলক ইউৰোপীয় সংঘৰ (ইউৰোপীয় ইউনিয়ন) বজাৰত একত্ৰিত হোৱাৰ সুযোগ প্ৰদান কৰিব। ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰত-ইএফটিএৰ মাজত বাণিজ্যৰ পৰিমাণ আছিল ২৪.৪ বিলিয়ন ডলাৰ। কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে এই চুক্তিখন সম্পূৰ্ণ হ’বলৈ প্ৰায় ১৬ বছৰ সময় লাগিছিল আৰু ই এফ টি এ দেশৰ বহু সামগ্ৰীৰ বাবে ভাৰতৰ বজাৰ মুকলি কৰি দিয়াৰ বাবে ভাৰতৰ বাবে ই গুৰুত্বপূৰ্ণ। এই গোটত ছুইজাৰলেণ্ড ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *