অহা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে শেষবাৰৰ বাবে নিজৰ শক্তি পৰীক্ষা কৰাৰ লক্ষ্যৰে আজি নাগপুৰত আলহী দল নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰতীয় ক্ৰিকেট দল। পাঁচখনীয়া টি-২০ মেচৰ এই শৃংখলাটোৰ প্ৰথমখন মেচত ঘৰুৱা দলটোৱে এক প্ৰত্যয়জনক আৰম্ভণি কৰি এদিনীয়া শৃংখলাৰ পৰাজয়ৰ পোতক তোলাৰ পৰিকল্পনা কৰিছে।
বিশ্বকাপৰ পূৰ্বে এয়া টীম ইণ্ডিয়াৰ অন্তিমটো টি-২০ শৃংখলা হোৱাৰ বাবে দলৰ প্ৰতিগৰাকী খেলুৱৈৰ বাবে এই যুঁজখন অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। বিশেষকৈ অধিনায়ক সূর্যকুমাৰ যাদৱৰ বাবে আজিৰ মেচখন এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিব, কাৰণ বিগত কেইবাটাও শৃংখলাত তেওঁৰ বেটৰ পৰা আশানুৰূপ ৰাণ অহা নাই। বিশ্বকাপৰ চূড়ান্ত দলত নিজৰ স্থান আৰু নেতৃত্বৰ প্ৰমাণ দিবলৈ সূৰ্যই আজিৰ মেচত উন্নত প্ৰদৰ্শন দাঙি ধৰাটো জৰুৰী হৈ পৰিছে।
মেচৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত অধিনায়কগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে বিশ্বকাপৰ আগমুহূৰ্তত নিজৰ ত্ৰুটীসমূহ শুধৰাই লোৱাৰ বাবে এই শৃংখলাটোৱেই শেষ সুযোগ। তেওঁ সতীৰ্থসকলক নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনোৱাৰ লগতে দলীয় সংহতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতীয় দলটোৱে আজিৰ মেচত জয়লাভ কৰি শৃংখলাটোত ১-০ ত অগ্ৰগতি লাভ কৰাৰ লগতে বিশ্বকাপৰ বাবে আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সাজু হৈছে।
