পাকিস্তানৰ পিছত ভাৰতে এতিয়া চীন আৰু তুৰ্কীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিছে। ড্ৰেগনৰ মাউথপিছ গ্ল’বেল টাইমছ আৰু তুৰ্কীৰ সম্প্ৰচাৰক টিআৰটি ৱৰ্ল্ডৰ এক্স একাউণ্ট ব্লক কৰিছে ভাৰতে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত চৰকাৰে দুয়োটা একাউণ্ট ব্লক কৰিছে।গ্ল’বেল টাইমছ আৰু টিআৰটি ৱৰ্ল্ডে ভাৰতৰ বিৰুদ্ধে ভুৱা বাতৰি চলাইছিল, তাৰ পিছত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।চীনৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল ভাৰতে । ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ সৈতে কৰা সিন্ধু জল চুক্তি স্থগিত ৰাখিছিল।ইয়াৰ উপৰিও কূটনৈতিক সম্পৰ্কৰ লগতে পাকিস্তানীৰ ভিছা বাতিল কৰা হৈছিল। এই সকলোবোৰ কাৰ্যৰ অন্তত ভাৰতে পাকিস্তান আৰু পিঅ’কেৰ ৯টা স্থানত আক্ৰমণ কৰি ১০০ৰো অধিক সন্ত্ৰাসবাদীক হত্যা কৰে।
পাকিস্তানৰ পিছতেই চীন আৰু তুৰ্কীৰ বিৰুদ্ধে কঠোৰ ভাৰত
