পাকিস্তানৰ লগত চলি থকা উত্তেজনাৰ মাজতে ভাৰত চৰকাৰে লৈছে এটা ডাঙৰ সিদ্ধান্ত। পাকিস্তানৰ পৰা অহা সকলো ধৰণৰ সামগ্ৰীৰ প্ৰত্যক্ষ বা পৰোক্ষ আমদানি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে ভাৰত চৰকাৰে।২ মে’ত বাণিজ্য মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি এই সিদ্ধান্ত বৈদেশিক বাণিজ্য নীতি( Foreign Trade Policy) FTP 2023 ত সংশোধনৰ জৰিয়তে লোৱা হৈছে।এই নিষেধাজ্ঞাৰ অধীনত এতিয়া পাকিস্তানৰ পৰা অহা যিকোনো সামগ্ৰীৰ সকলো আমদানি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব, সেয়া প্ৰত্যক্ষ আমদানি হওক বা পৰোক্ষভাৱে তৃতীয় দেশৰ জৰিয়তে হওক। এই নিষেধাজ্ঞা ২০২৩ চনৰ বৈদেশিক বাণিজ্য নীতিত নতুন ব্যৱস্থা হিচাপে সংযোজন কৰা হৈছে।২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বিভিন্ন কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ইফালে এই আক্ৰমণত ২৬ জন নিৰীহ সাধাৰণ নাগৰিকৰ মৃত্যুৰ পিছত ভাৰতে কূটনৈতিক আৰু অৰ্থনৈতিক দিশত পাকিস্তানক বিপদত পেলাবলৈ আৰম্ভ কৰাৰ সময়তে এতিয়া আন্তঃৰাষ্ট্ৰীয় মঞ্চত সহানুভূতি লাভ কৰাৰ চেষ্টা কৰিছে পাকিস্তানে।
ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি
