বনভোজকাৰী দলৰে উখল – মাখল দীপৰ বিল

দেশী –  বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণথলী হিচাপে পৰিগণিত হৈ অহা গুৱাহাটীৰ অন্যতম পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ঐতিহাসিক  দীপৰ বিলৰ পাৰত শ্ৰী শ্ৰী ভাঙাৰা গোঁসাই মন্দিৰৰ দাঁতিত থকা বনভোজথলীটো আজি পুৱাৰ ভাগত উদ্ধোধন কৰা হয়। উল্লেখ্য যে প্ৰতি বছৰৰ দৰে এইবেলিও শীতকাল আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন বনভোজথলীৰ দৰে গুৱাহাটীৰ গাতে লগা দীপৰ বিললৈও বনভোজ খাবলৈ বহু লোক আহে। প্ৰতি বছৰে নৱেম্বৰ মাহৰ শেষৰটো দেওবাৰ বা ডিচেম্বৰ মাহৰ প্ৰথমটো দেওবাৰত বনভোজথলীটো উদ্ধোধন কৰা হয়। বনভোজথলীটো তদাৰক কৰি আহিছে অঞ্চলটোৰ  অগ্ৰণী সামাজিক , সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন দেউছটাল নবজ্যোতি সংঘই।

আনহাতে আজি  সংঘৰ কৰ্মকর্তা আৰু স্থানীয় বহুসংখ্যক লোকৰ উপস্থিতিত বনভোজথলীটো উদ্ধোধন  কৰে মিকিৰপাৰা – চকৰদৌ – পামহী আৰু গোগ তালুক কমিটীৰ  সম্পাদক নগেন ৱেয়ে।  অনুষ্ঠানত তালুক কমিটীৰ সভাপতি কেষ্টৰাম ৰংপী,  সংঘৰ উপ সভাপতি অশোক থাপা, সমাজকৰ্মী দীপক কাকতি, দ্বীপেন ৰংপী , বীৰেশ্বৰ ৰংপী , সুশীল থাপা আৰু  গণে লিম্বুকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।  আনহাতে এই উপলক্ষে সংঘৰ সভাপতি বলেশ্বৰ ৰংপীয়ে আঁত ধৰা চমু অনুষ্ঠানত উদ্ধোধক নগেন ৱেই ভাষণ প্ৰসংগত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ দীপৰ বিলৰ পাৰৰ বনভোজথলীত সকলো লোকে নীতি নিয়ম মানি বনভোজ খোৱাৰ লগতে প্ৰকৃতিৰ সৈতে একাত্ম হ’ব বুলি আশা ব্যক্ত কৰে।  উল্লেখযোগ্য বনভোজথলীত সংঘৰ ফালৰ পৰা সকলো দলকে বিশুদ্ধ খোৱাপানী, বাহন ৰখাৰ বাবে পাকিং ব্যৱস্থা, প্ৰস্ৰাৱগাৰ আদিৰ সা-সুবিধা উপলব্ধ কৰা হৈছে।

সমান্তৰালভাৱে চাফ চিকুণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে বনভোজ দল সমূহৰ পৰা ৰচিদৰ বিনিময়ত সামান্য পৰিমাণে মাচুল হিচাপে সংগ্ৰহ কৰা হ’ব। আজি প্ৰথম দিনা উদ্ধোধন কৰাৰ সময়তে বিভিন্ন প্ৰান্তৰ পৰা কুৰিটাৰো অধিক দল বনভোজ খাবলৈ অহা পৰিলক্ষিত হয় । এক কথাত উদ্ধোধনৰ  দিনাই ডিচেম্বৰ মাহৰ  প্ৰথমটো দেওবাৰে বনভোজকাৰী দলৰ আগমণত উখল – মাখল হৈ পৰা পৰিলক্ষিত হয় দীপৰ বিলৰ পাৰ। আনকি বহুতে দীপৰ বিলৰ চৰাইৰ জলকেলি আৰু নান্দনিক সৌন্দৰ্য্য উপভোগ কৰি আনন্দত আত্মহাৰা হোৱাও দেখা যায়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *