তালিবানৰ প্ৰত্যুত্তৰী আক্ৰমণত ৰাৱালপাণ্ডিৰ সামৰিক বিমান ঘাটি ধ্বংসপ্ৰায়

সীমান্তৰ উত্তেজনাৰ সময়ত, আফগানিস্তানৰ বায়ুসেনাই সোমবাৰে পাকিস্তানৰ কেইবাটাও গুৰুত্বপূৰ্ণ সামৰিক ঘাটিত ড্ৰোণ যোগে শক্তিশালী আক্ৰমণ চলায়। এই আক্ৰমণৰ লক্ষ্য আছিল পাকিস্তানৰ সামৰিক শক্তি আৰু সামরিক কেন্দ্ৰসমূহ, বিশেষকৈ ৰাৱালপিণ্ডিৰ নুৰ খান বিমান ঘাটিৰ পৰা কোৱেটাৰৰ ১২ নং কৰ্পছলৈ। আফগান প্ৰতিৰক্ষা মন্ত্ৰণালয়ে স্পষ্ট কৰি কৈছে যে, পাকিস্তানৰ আকাশমাৰ्ग উলংঘনৰ প্ৰত্যুত্তৰত এই অভিযান চলোৱা হৈছে।

আফগানিলে জনোৱা মতে, খাইবার পাখতুনখৱৰ খোৱাইজো কেম্প আৰু ঘুলনি সামরিক ঘাটিত বৃহৎ ধ্বংস সাধন হৈছে। পাকিস্তানত চলোৱা বিমান আক্ৰমণৰ পাছত দুয়োখন দেশৰ মাজত যুদ্ধ সদৃশ পৰিস্থিতি সৃষ্টি হৈছে। আফগান প্ৰতিৰক্ষা মন্ত্ৰণালয়ে দাবী কৰিছে যে, পাকিস্তানৰ গুৰুত্বপূৰ্ণ সামরিক প্ৰতিষ্ঠানসমূহৰ ওপৰত এক সুপৰিকল্পিত বিমান অভিযান চলোৱা হৈছে আৰু আগলৈ এইধৰণৰ এলাকাসমূহত যিকোনো আকাশমাৰ্গৰ উলংঘনৰ প্ৰতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাজা আচিফ প্ৰতিবেদন কৰা মতে, ২৭০ জন তালিবান যোদ্ধা নিহত হৈছে। ইয়াৰ বিপৰীতে আফগানিস্তানৰ তালিবান চৰকাৰৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে ৫৫ জন পাক সৈনিকক হত্যা কৰাৰ অভিযোগ উঠাইছে। জালালাবাদত এখন পাকিস্তানী যুঁজাৰু বিমান গুলীয়াই নমোৱাৰ লগতে ইয়াৰ পাইলট বন্দী কৰাৰ বাবেও দাবী কৰা হৈছে।

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ মতে, তালিবান ভাৰতৰ ‘প্ৰক্সি’ হিচাপে কাম কৰি আছে। ২৬১১ কিলোমিটাৰ দৈঘ্যৰ ডুৰাণ্ড লাইনক লৈ থকা পুৰণি বিবাদে দুই ইছলামিক ৰাষ্ট্ৰৰ মাজত সামরিক সংঘৰ্ষৰ অৱস্থা সৃষ্টি কৰিছে; মাজৰ পৰিস্থিতি অত্যন্ত অগ্নিগৰ্ভা হৈ পৰাৰ ফলত দুয়োখন দেশৰ সেনা উচ্চ সতর্কতাত আছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *