চৰকাৰ আৰু প্ৰশাসনৰ চৰম অৱহেলাৰ বাবে এতিয়া এজাক বৰষুণতে আলৈ আথানি অৱস্থা হৈছে অসমীয়াৰ আবেগ জুবিন গাৰ্গৰ অন্তিম শয়নৰ স্থান জুবিনক্ষেত্ৰৰ। বিগত ৩-৪ দিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণত সোণাপুৰৰ এই পবিত্ৰ স্থানখন বোকাময় হৈ পৰাৰ লগতে শিল্পীগৰাকীক অনুৰাগীয়ে দিয়া হাজাৰ হাজাৰ উপহাৰো বৰষুণত তিতি নষ্ট হোৱাৰ উপক্ৰম হৈছে। এনে সংকটপূৰ্ণ পৰিস্থিতিত চৰকাৰী পক্ষৰ কোনো সঁহাৰি লাভ নকৰি অৱশেষত শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে নিজেই হাতত তিৰ্পাল তুলি ল’বলৈ বাধ্য হয়।
বিগত সময়ছোৱাত জুবিনক্ষেত্ৰৰ উন্নয়নৰ বাবে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল যদিও বৰ্তমানৰ দৃশ্যই প্ৰশাসনৰ ফোঁপোলা স্বৰূপটোহে উদঙাই দিছে। বতাহ-বৰষুণৰ ফলত জুবিনক্ষেত্ৰৰ টেণ্টৰ কাপোৰ উঁৱলি গৈছে আৰু অনুৰাগীয়ে জ্বলাই থোৱা চাকি-বন্তিও বৰষুণত নুমাই গৈছে। চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি দেওবাৰে একাংশ জুবিন অনুৰাগীৰ সৈতে গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰ নিজেই জুবিনক্ষেত্ৰক সুৰক্ষা দিবলৈ ওলাই আহে।
সংবাদ মাধ্যমৰ আগত আৱেগিক হৈ গৰিমা শইকীয়া গাৰ্গে কয়, “আমি ভয় খাই আছিলো আৰু অৱশেষত সেয়াই হ’ল। বৰষুণৰ পৰা সামগ্ৰীখিনি ৰক্ষা কৰিবলৈ আমি এটা অস্থায়ী সমাধান কৰিছো। ত্ৰিপাল আনি ইয়াতে থকা কাঠ-বাঁহৰ টুকুৰাৰে মেৰামতি কৰিছো। ৰাইজে মৰমতে জুবিনলৈ যিবোৰ বস্তু দিছে, সেই মৰমবোৰ আমি অৱহেলা কৰিব নোৱাৰো।”
জুবিনক্ষেত্ৰৰ এই দুৰৱস্থাই এতিয়া জুবিন অনুৰাগীসকলক মৰ্মাহত কৰি তুলিছে। জুবিন ফেন ক্লাৱৰ সদস্যসকলে গৰিমা গাৰ্গৰ নেতৃত্বত থলুৱা পদ্ধতিৰে তিৰ্পাল তৰি বৰষুণৰ পানীৰ পৰা স্মৃতিচিহ্নসমূহ ৰক্ষা কৰিবলৈ আশাশুধীয়া শ্ৰম কৰা দেখিবলৈ পোৱা গৈছে। চৰকাৰৰ উদাসীনতাৰ বিপৰীতে পত্নী আৰু অনুৰাগীৰ এই পদক্ষেপে শিল্পীগৰাকীৰ প্ৰতি থকা গভীৰ আৱেগ আৰু দায়িত্ববোধক পুনৰ প্ৰমাণ কৰিছে।
ইফালে, দেওবাৰৰ দিনটোতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অগণন অনুৰাগীয়ে জুবিনক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনাবলৈ ভিৰ কৰে। বোকাময় পথ আৰু বৰষুণৰ পানীৰ মাজতে ৰাইজে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনোৱাৰ লগতে চৰকাৰক জুবিনক্ষেত্ৰৰ উন্নয়নৰ কাম ত্বৰান্বিত কৰিবলৈ তীব্ৰ দাবী জনায়। সকলোৰে এটাই আক্ষেপ- জুবিন গাৰ্গৰ দৰে এজন মহান শিল্পীক চৰকাৰে এনেদৰে অৱহেলা কৰিব নালাগিছিল।
