দেশৰ ৰাজনৈতিক ইতিহাসৰ মাজত কেলেংকাৰীৰ তদন্ত এখন গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হৈছে। দিল্লীৰ আদালতে আৰ জে ডিৰ মুৰব্বী আৰু প্ৰাক্তন ৰেল মন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে ‘লেণ্ড ফৰ জব’ কেলেংকাৰীত অভিযোগ গঠনৰ নিৰ্দেশ দিছে। আদালতে অভিযোগ কৰে যে যাদৱে ৰেল মন্ত্ৰালয়ক নিজৰ ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছিল আৰু চৰকাৰী চাকৰিৰ বিনিময়ত ভূমি দখলৰ এক অপৰাধমূলক কাৰ্য চলাইছিল। ৪১ জন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ গঠিত হলেও ৫২ জনৰ বিৰুদ্ধে অভিযোগমুক্ত কৰা হৈছে। চিবিআইৰ প্ৰতিবেদন অনুসাৰে, ২০০৪-২০০৯ সময়ছোৱাৰ ভিতৰত এই লেনদেন চলিছিল, য’ত চাকৰি লাভ কৰা যুৱকসকলে যাদৱৰ পৰিয়ালৰ সদস্যৰ নামত ভূমি উপহাৰ দিছিল। অভিযুক্তসকলে অভিযোগসমূহ অস্বীকাৰ কৰি এক ৰাজনৈতিক অভিসন্ধি বুলি অভিহিত কৰিছে। আদালতে আনুষ্ঠানিক অভিযোগ গঠন কৰাৰ বাবে ২৩ জানুৱাৰীত দিন ধাৰ্য কৰিছে।
লেণ্ড ফৰ জব কেলেংকাৰী মামলাত আদালতে লালু প্ৰসাদ যাদৱ আৰু পৰিয়ালৰ বিৰুদ্ধে অভিযোগ গঠনৰ আদেশ
