বিশ্বৰ দুই শক্তিশালী দেশ ভাৰত আৰু আমেৰিকাৰ মাজত অব্যাহত থকা বাণিজ্যিক আলোচনাৰ মাজেদিয়েই এতিয়া এক নতুন বিতৰ্কই বিশেষ চৰ্চা লাভ কৰিছে। আমেৰিকাৰ বাণিজ্য সচিব হাৱাৰ্ড লুটনিকে শেহতীয়াকৈ এক বিস্ফোৰক দাবী কৰিছে যে আমেৰিকা আৰু ভাৰতৰ মাজত এক গুৰুত্বপূৰ্ণ বাণিজ্য চুক্তি সম্পন্ন হোৱাৰ পথত আছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ফোন নকৰাৰ বাবেহে এই চুক্তি চুড়ান্ত নহ’ল। লুটনিকৰ মতে, তেওঁ চুক্তিৰ সকলো প্ৰক্ৰিয়া সাজু কৰিছিল, কিন্তু মোদীয়ে ট্ৰাম্পক ফোন কৰিবলৈ অস্বস্তি অনুভৱ কৰাৰ বাবে সমগ্ৰ বিষয়টো স্তব্ধ হৈ পৰে।
উদ্যোগী চামথ পালিহাপিতিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত লুটনিকে কয় যে ভাৰত আৰু আমেৰিকা চুক্তিখন চুড়ান্ত কৰাৰ অতি ওচৰ চাপিছিল। তেওঁ উল্লেখ কৰে যে ইণ্ডোনেছিয়া, ভিয়েটনাম আৰু ফিলিপাইনছৰ দৰে দেশৰ সৈতে আমেৰিকাই যোৱা সপ্তাহত বাণিজ্যিক চুক্তি কৰিছে, কিন্তু ভাৰতৰ সৈতে এই কামটো বহু পূৰ্বেই হ’ব লাগিছিল। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অতি ঘনিষ্ঠ বুলি পৰিচিত লুটনিকে দাবী কৰে যে ভাৰতৰ সৈতে অধিক দৰত তেওঁ আলোচনা আগবঢ়াইছিল, কিন্তু শেষ মুহূৰ্তত মোদীৰ ফোনটো নহাৰ বাবে চুক্তিয়ে চূড়ান্ত ৰূপ নাপালে।
উল্লেখ্য যে, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শেহতীয়াকৈ ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি কৰা বিষয়টোক লৈ ভাৰতৰ ওপৰত শুল্ক বৃদ্ধিৰ ইংগিত দিছে। ভাৰতৰ সৈতে ৰাছিয়াৰ শক্তি বাণিজ্যিক সম্পৰ্কক লৈ ট্ৰাম্প সুখী নহয় বুলিও ইতিমধ্যে প্ৰকাশ কৰিছে। আমেৰিকাই যোৱা আগষ্ট মাহত ভাৰতৰ পৰা যোৱা সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। ইয়াৰ পাছতো কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱালে স্পষ্ট কৰি দিছে যে কোনো ধৰণৰ সময়সীমা নতুবা হেঁচাৰ মাজত ভাৰতে কোনো বাণিজ্যিক চুক্তি নকৰে।
আমেৰিকাৰ সংসদত উত্থাপন হোৱা ‘চেংকচনিং ৰাছিয়া এক্ট ২০২৫’ অনুসৰি ভাৰতৰ দৰে দেশৰ ওপৰত শুল্কৰ পৰিমাণ ৫০০ শতাংশ পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই বিধেয়কখনৰ লক্ষ্য হৈছে ৰাছিয়াৰ সৈতে ইউৰেনিয়াম বা পেট্ৰ’লিয়ামৰ ব্যৱসায় কৰা দেশসমূহক হেঁচা প্ৰদান কৰা। ৰাছিয়া-ইউক্ৰেইন যুদ্ধক লৈ আমেৰিকাই লোৱা এই কঠোৰ স্থিতিৰ ফলত ভাৰতৰ ৰপ্তানি খণ্ডই ডাঙৰ প্ৰত্যাহ্বানৰ মুখত পৰিব পাৰে বুলি বিশেষজ্ঞসকলে শংকা প্ৰকাশ কৰিছে।
