ভাওনাক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰাৰ আহ্বানেৰে মাজুলীত চৰকাৰক তীব্ৰ সমালোচনা ছাত্ৰ সন্থাৰ

সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা আৰু ৰাজনৈতিক প্ৰতিশ্ৰুতি পূৰণৰ দাবীত এতিয়া উত্তাল হৈ পৰিছে নদী দ্বীপ মাজুলীৰ পৰিৱেশ। মাজুলীৰ আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত চলি থকা ১১ দিনীয়া সদৌ অসম ভাওনা সমাৰোহত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই গুৰুজনাৰ অমৰ সৃষ্টি ‘ভাওনা’ক ইউনেস্ক’ৰ ‘ইনটেনজিবল কালচাৰেল হেৰিটেজ’ হিচাপে স্বীকৃতি প্ৰদানৰ বাবে চৰকাৰক পদক্ষেপ ল’বলৈ দাবী জনায়।

সমাৰোহত ভাষণ প্ৰদান কৰি আছুৰ সভাপতিগৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ দাবী দীৰ্ঘদিনীয়া যদিও চৰকাৰে ইয়াৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা নাই। ইয়াৰ উপৰিও অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ প্ৰসংগ উত্থাপন কৰি তেওঁ ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগতে এক ত্ৰিপাক্ষিক বৈঠকৰ দাবী জনায়। তেওঁ সমালোচনা কৰি কয় যে ১৯৮৫ চনৰ পৰা ২০২৬ চনলৈ বহু চৰকাৰ সলনি হ’ল, কিন্তু নিৰ্বাচন পাৰ হ’লেই সকলোৱে দিয়া প্ৰতিশ্ৰুতি পাহৰি যায়।

চৰকাৰৰ বিভিন্ন নীতিৰ বিৰুদ্ধে সৰৱ হৈ উৎপল শৰ্মাই বাট-পথৰ জৰাজীৰ্ণ অৱস্থা, টোলগেটৰ বোজা আৰু স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজক শোষণ কৰাৰ অভিযোগ উত্থাপন কৰে। বিশেষকৈ হিতাধিকাৰী আঁচনিক কটাক্ষ কৰি তেওঁ কয় যে চৰকাৰে মানুহক মাহে কিছু টকা দি হিতাধিকাৰী সজোৱাতকৈ স্বাৱলম্বী কৰি ‘স্বত্বাধিকাৰী’ সজোৱাতহে গুৰুত্ব দিব লাগে। ভাওনা সমাৰোহৰ মাজতে আছুৰ এই কঠোৰ স্থিতি আৰু চৰকাৰক জনোৱা সকীয়নীয়ে বৰ্তমান বিশেষ চৰ্চা লাভ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *