দেশৰ পাঁচ শতাংশ শিশু- কিশোৰ বৃক্ক বিকল হোৱা সমস্যাত আক্ৰান্ত

70

ভাৰতত প্ৰায় পাঁচ শতাংশ শিশু আৰু কিশোৰ বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস বা বৃক্ক বিকল হোৱা সমস্যাত ভুগি আছে। দেশজুৰি চলোৱা এক অধ্যয়ণত এই কথা প্ৰকাশ পাইছে। সমস্যাটো সময় পাৰ হোৱাৰ লগে লগে বৃক্কৰ ক্ষতিৰ বাবে এই সমস্যা অধিক জটিল হৈ পৰে, যাক দীৰ্ঘম্যাদী বৃক্কৰ ৰোগ (চিকেডি) বুলি কোৱা হয়। এই অধ্যয়নটো বাথিন্দা আৰু বিজয়পুৰৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ আৰু জৰ্জ ইনষ্টিটিউট ফৰ গ্লোবেল হেল্থ ইণ্ডিয়াৰ গৱেষকসকলে পৰিচালনা কৰিছিল। এই নতুন অধ্যয়নটো স্প্ৰিংগাৰ লিংক আলোচনীত প্ৰকাশিত হৈছে। এইটো এটা বৃহৎ ৰাজহুৱা স্বাস্থ্য সমস্যা আৰু ভাৰতত ইয়াৰ ফলত কিমান শিশু আৰু কিশোৰ-কিশোৰী ভুগিছে তাৰ কোনো সঠিক তথ্য নাই।

 অধ্যয়নটো ২০১৬ ৰ পৰা ২০১৮ ৰ ভিতৰত পাঁচৰ পৰা ১৯ বছৰ বয়সৰ ২৪,৬৯০ টি শিশু আৰু কিশোৰৰ ৰাষ্ট্ৰীয় পুষ্টি জৰীপৰ ওপৰত আধাৰিত। অধ্যয়নটোৰ ফলাফলে দেখুৱাইছে যে ৪.৯ শতাংশ শিশু আৰু কিশোৰ, যি প্ৰতি ১০ লাখ জনসংখ্যাত প্ৰায় ৪৯,০০০ বৃক্কৰ কাৰ্যক্ষমতা দুৰ্বল হোৱাত ভুগি আছে। অধ্যয়ন অনুসৰি ইয়াৰ মুখ্য সমস্যাবোৰৰ ভিতৰত আছে গ্ৰাম্য আৱাস, মাতৃসকলৰ শিক্ষাৰ অভাৱ আৰু অৱনতি বা শাৰীৰিক বিকাশ।

এই কাৰণবোৰৰ সৈতে মোকাবিলা কৰি শিশুৰ স্বাস্থ্য উন্নত কৰিব পাৰি বুলি অধ্যয়নত উল্লেখ কৰিছে। পুৰুষ আৰু গ্ৰাম্য এলেকাত বৃক্কৰ সমস্যা সৰ্বাধিক হোৱা দেখা গৈছ অধ্যয়নটোত কোৱা হৈছে। অন্ধ্ৰ প্ৰদেশ, তাৰ পিছত তেলেংগানা আৰু পশ্চিম বংগত সৰ্বাধিক সংখ্যক এই সমস্যাত ভুক্তভোগী। আনহাতে তামিলনাডু, ছত্তীশগড়, ৰাজস্থান আৰু কেৰালাত সৰ্বনিম্ন এই সমস্যা।