ৰাজ্যৰ বিত্তীয় ব্যৱস্থাপনাক এক সুদৃঢ় ৰূপ দিয়াৰ লক্ষ্যৰে অসম চৰকাৰে ৬.২১ শতাংশ সুতৰ ‘অসম ৰাজ্যিক উন্নয়নমূলক ঋণ ২০২৬’ পৰিশোধৰ এক শৃংখলাবদ্ধ আঁচনি ঘোষণা কৰিছে। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত গ্ৰহণ কৰা এই ঋণৰ ম্যাদ ওকলাৰ লগে লগে বিনিয়োগকাৰীসকলক মূল ধনৰ লগতে প্ৰাপ্য সুত সম্পূৰ্ণৰূপে ওভতাই দিয়াৰ গেৰাণ্টি প্ৰদান কৰিছে চৰকাৰে।
বিত্ত (বাজেট) বিভাগে ২০ জানুৱাৰীত জাৰি কৰা এক চৰকাৰী জাননী অনুসৰি, অহা ১৭ ফেব্ৰুৱাৰীত এই ঋণৰ সম্পূৰ্ণ ধন পৰিশোধ কৰা হ’ব। বিনিয়োগকাৰীসকলে ১৬ ফেব্ৰুৱাৰী পৰ্যন্ত ইয়াৰ সুত লাভ কৰিব আৰু তাৰ পাছত কোনো ধৰণৰ সুত প্ৰযোজ্য নহ’ব। উল্লেখ্য যে, যদিহে ১৭ ফেব্ৰুৱাৰী তাৰিখটো এন আই এক্টৰ অধীনত বন্ধৰ দিন হিচাপে ঘোষিত হয়, তেন্তে তাৰ ঠিক আগৰ কৰ্মদিনটোতে এই ধন পৰিশোধ কৰা হ’ব।
পৰিশোধৰ এই প্ৰক্ৰিয়াটো বিনিয়োগকাৰীৰ পঞ্জীয়নভুক্ত বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰা হ’ব অথবা পে-অৰ্ডাৰৰ জৰিয়তে প্ৰদান কৰা হ’ব। যিসকলৰ বেংকৰ তথ্য চৰকাৰী নথিভুক্ত হৈ থকা নাই, তেওঁলোকক পৰিশোধৰ নিৰ্ধাৰিত তাৰিখৰ ২০ দিন পূৰ্বেই ৰাজহুৱা ঋণ কাৰ্যালয়ত প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। যিবোৰ স্থানত ট্ৰেজাৰী কাৰ্যালয়ৰ কাম-কাজ ষ্টেট বেংকৰ জৰিয়তে পৰিচালিত হয়, সেই স্থানৰ বিনিয়োগকাৰীয়ে পোনপটীয়াকৈ সংশ্লিষ্ট এছ বি আই শাখাত যোগাযোগ কৰিব লাগিব।
অসম চৰকাৰে বিনিয়োগকাৰীসকলক কোনো ধৰণৰ বিলম্ব নোহোৱাকৈ সময়মতে নিজৰ প্ৰাপ্য ধন লাভ কৰিবলৈ যাৱতীয় আনুষ্ঠানিকতাসমূহ আগতীয়াকৈ সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে। চৰকাৰৰ এই পদক্ষেপে ৰাজ্যখনৰ ঋণ পৰিশোধৰ সক্ষমতা আৰু বিত্তীয় স্বচ্ছতাৰ এক ইতিবাচক নিদৰ্শন দাঙি ধৰিছে।
