বনভূমিৰ বুকুত অবৈধ বিস্ফোৰণ! কৰ্ণাটকত গৰ্ভস্থ তিনি পোৱালিৰ সৈতে মৃত্যু ঢেকীয়াপতীয়া বাঘিনীৰ

মানুহৰ লালসাৰ চিকাৰ হ’ল এটি গৰ্ভৱতী ঢেকীয়াপতীয়া বাঘিনী! কৰ্ণাটকৰ বানাশংকৰী সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বসৱনতৰাত অবৈধ খনিৰ বাবে কৰা বিস্ফোৰণে প্ৰাণ কাঢ়িলে গৰ্ভৱতী বাঘিনীজনীৰ। কগ্লীপুৰাৰ ওচৰত সংঘটিত এই বিস্ফোৰণৰ ফলত এটি গৰ্ভৱতী ঢেকীয়াপতীয়া বাঘিনী আৰু তাইৰ গৰ্ভত থকা তিনিটাকৈ পোৱালিৰ অকাল মৃত্যু ঘটে। বন ধ্বংস কৰি চলাই থকা শিলৰ কুৱেৰীৰ বিস্ফোৰণৰ প্ৰাবল্যত বন্যপ্ৰাণীটোৰ থিতাতে মৃত্যু হোৱা বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে।

প্ৰাপ্ত বাতৰি অনুসৰি, স্থানীয় বন বিভাগৰ লোকে বনাঞ্চলৰ ভিতৰত বাঘিনীজনীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে মৰণোত্তৰ পৰীক্ষাত এই ভয়ংকৰ তথ্য ধৰা পৰে। বাঘিনীজনী অতি সোনকালেই তিনিটা পোৱালিৰ জন্ম দিয়াৰ কথা আছিল যদিও অবৈধ খননৰ ক্ৰমাগত শব্দ আৰু বিস্ফোৰণৰ কঁপনিৰ ফলত এক কৰুণ পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাই ৰাজ্যখনৰ বন সুৰক্ষা আৰু অবৈধ খনিৰ প্ৰাদুৰ্ভাৱক লৈ এতিয়া তীব্ৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

ইফালে, এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত বন বিভাগে ইতিমধ্যে এটা বৃহৎ চক্ৰৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, বসৱনতৰা বনাঞ্চলত দীৰ্ঘদিন ধৰি বনমাফিয়াই চলাই থকা শিলৰ কুৱেৰীৰ বিৰুদ্ধে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি আহিছিল। এই বিস্ফোৰণৰ পাছতে বন বিভাগে অবৈধ খননত ব্যৱহাৰ কৰা কেইবাটাও বিস্ফোৰক সামগ্ৰী জব্দ কৰিছে।

অন্যহাতে, বন্যপ্ৰাণী বিশেষজ্ঞসকলে এই মৃত্যুক এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে। সংৰক্ষিত বনাঞ্চলৰ ভিতৰত এনেদৰে উচ্চ প্ৰাবল্যৰ বিস্ফোৰণ ঘটোৱাটোৱে বন্যপ্ৰাণীৰ বসতিস্থলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। বৰ্তমান আৰক্ষী আৰু বন বিভাগে যুটীয়াভাৱে অভিযান চলাই এই হত্যাকাণ্ডৰ মূল অভিযুক্তক বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *