হিন্দু একত্ৰিত নহ’লে নামি আহিব সৰ্বনাশ! বাংলাদেশৰ উদাহৰণ দি মন্তব্য যোগী আদিত্যনাথৰ

বাংলাদেশত হিন্দুসকলৰ বিৰুদ্ধে চলোৱা ধাৰাবাহিক হিংসাক লৈ এতিয়া দেশৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে এক উত্তপ্ত পৰিৱেশৰ। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শনিবাৰে প্ৰয়াগৰাজত জগদগুৰু ৰামানন্দাচাৰ্যৰ জয়ন্তী সমাৰোহত ভাষণ দি এই সন্দৰ্ভত বিৰোধী দলসমূহক তীক্ষ্ণ সমালোচনা কৰে। তেওঁ কয় যে, “বাংলাদেশত যি ঘটিছে তাক লৈ কোনোৱে মাত মতা নাই। ধৰ্ম নিৰপেক্ষতাৰ নামত ঠিকা লৈ ফুৰা মানুহবোৰ এতিয়া সম্পূৰ্ণ নিমাত। তেওঁলোকৰ মুখত কোনোবাই যেন ফেভিকলহে লগাই দিছে।” মুখ্যমন্ত্ৰী যোগীৰ মতে, হিন্দু ধৰ্মক ভাগ ভাগ কৰিবলৈ এটা চক্ৰই পূৰ্ণ শক্তিৰে কাম কৰি আছে আৰু বাংলাদেশৰ পৰিস্থিতি আমাৰ সকলোৰে বাবে এক সতৰ্কবাণী। তেওঁ কয় যে, “জাতি, মত আৰু সম্প্ৰদায়ৰ নামত বিভাজন হ’লে আমাৰো সৰ্বনাশ হ’ব, ঠিক যেনেকৈ বাংলাদেশত আমি দেখিবলৈ পাইছোঁ। বাংলাদেশৰ ঘটনাক লৈ এইসকল লোকে কোনো কেণ্ডেল মাৰ্চ উলিওৱা নাই।” হিন্দুসকলক একত্ৰিত হোৱাৰ আহ্বান জনাই তেওঁ কয় যে যদি সনাতন ধৰ্মৰ পতাকা শক্তিশালী হয়, তেন্তে ভৱিষ্যতে কোনোৱে বাংলাদেশত হিন্দুসকলক আক্ৰমণ কৰাৰ দুঃসাহস নকৰিব।

ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে মোদীয়েই হৈছে প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী যিয়ে ৰাম মন্দিৰ নিৰ্মাণৰ পাছত তাত সনাতন ধৰ্মৰ ধবজা উত্তোলন কৰিছে। বিৰোধী দলসমূহক লক্ষ্য কৰি তেওঁ পুনৰ কয় যে, “যিসকল লোকে আজি আপোনালোকক ভাগ ভাগ কৰিছে, তেওঁলোক কেতিয়াও আপোনালোকৰ হিতৈষী হ’ব নোৱাৰে। এইসকল লোকে ক্ষমতা পালেই দাঙ্গাৰ সৃষ্টি কৰে আৰু সনাতন ধৰ্মৰ ওপৰত প্ৰহাৰ কৰে।” তদুপৰি এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰয়াগৰাজত জগতগুৰু ৰামানন্দাচাৰ্যৰ এক বিশাল স্মাৰক আৰু মন্দিৰ নিৰ্মাণৰ কথা ঘোষণা কৰে। তেওঁ কয় যে ৰামানন্দাচাৰ্যৰ জন্ম এনে এক সময়ত হৈছিল যেতিয়া সমাজখন ধৰ্ম আৰু জাতিৰ নামত বিভাজিত আছিল আৰু আজিৰ সময়তো তেওঁৰ আদৰ্শৰ অতি প্ৰয়োজন। সন্ত সমাজৰ একত্ৰিত প্ৰচেষ্টাৰ বাবেহে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ সম্ভৱ হোৱা বুলিও তেওঁ মন্তব্য কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *