বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত গুৱাহাটীৰ ডেৰ শতাধিক লোকৰ অগপ দলত যোগদান

গুৱাহাটীৰ দাতালপাৰা আকাশী পথত  আজি বিয়লি অগপ দলৰ মধ্য গুৱাহাটী যুৱ বিধান পৰিষদৰ উদ্যোগত আৰু অসম যুৱ পৰিষদৰ ১১নং ৱাৰ্ড কমিটীৰ সহযোগত আয়োজিত এক যোগদান কাৰ্যসূচীত পশ্চিম গুৱাহাটী সমষ্টিৰ  বিধায়ক তথা অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক  ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত পুৰুষ – মহিলা, যুৱক – যুৱতী নিৰ্বিশেষে বিভিন্ন দল – সংগঠনৰ ডেৰ শতাধিক লোকে আঞ্চলিকতাবাদৰ প্ৰতি আস্থা প্ৰকাশ কৰি অগপ দলত যোগদান কৰে। এই উপলক্ষে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা মধ্য গুৱাহাটী যুৱ পৰিষদৰ সভাপতি সুশান্ত দেৱ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত যোগদান কাৰ্যসূচীৰ  উদ্দেশ্য বাখ্যা কৰে সম্পাদক ইন্দ্ৰজিৎ গোস্বামীয়ে।

অনুষ্ঠানত দলত যোগদান কৰা সকলক আদৰণি জনোৱাৰ লগতে দলীয় প্ৰতীক চিহ্ন সম্বলিত বস্ৰ , কুপন আদি প্ৰদান কৰে বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই। অনুষ্ঠানত অগপ দলৰ মধ্য গুৱাহাটী বিধান পৰিষদৰ সম্পাদক ভূপেন ঠাকুৰীয়া,সম্পাদক নাৰায়ণ মালাকৰ,অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, কাৰ্য্যকৰী সভাপতি হৃশিকেশ শৰ্মা,১২ নং ৱাৰ্ডৰ পাৰিষদ দীপাংকৰ বৈশ্য,অসম মহিলা পৰিষদৰ সভানেত্ৰী তথা ১৩ নং ৱাৰ্ডৰ পাৰিষদ পূৰবী তালুকদাৰ,মধ্য গুৱাহাটী মহিলা পৰিষদৰ সভানেত্ৰী গীতাৰাণী কলিতা,সম্পাদিকা গীতা নেওঁগ,১১ নং ৱাৰ্ড মহিলা পৰিষদৰ সভানেত্ৰী কমলা প্ৰধান,জয়া দাস,শৈলেন দত্ত,১১ নং যুৱ পৰিষদৰ সভাপতি জাভেদ আলী , কাৰ্য্যকৰী সভাপতি অজয় গুপ্তা  ,সম্পাদক ৰাজেশ চক্ৰৱৰ্তী,ঘনশ্যাম মেহটো,ৰতন নাথ,ৰঞ্জন ডেকা,কৃষ্ণ ৰয়,লিটন ৰয়, প্ৰসেনজিত দে প্ৰমুখ্যে যুৱ পৰিষদৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

আনহাতে ভাষণ প্ৰসংগত বিধায়ক কলিতাই এই যোগদানে দলটোক অধিক শক্তিশালী কৰাৰ লগতে  ২০২৬ চনত হবলগীয়া অসম বিধানসভাৰ নিৰ্বাচনত অগপই অধিক মনোবলৰে অৱতীৰ্ণ হৈ পূৰ্বতকৈ অধিক ভোটত জয়লাভ কৰিব  বুলি সদৰি কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *