কেন্দ্ৰীয় চৰকাৰৰ নতুন গ্ৰাম্য নিয়োগ আইনক লৈ দেশজুৰি প্ৰতিবাদৰ জোৱাৰ তুলিবলৈ সাজু হৈছে কংগ্ৰেছ দল। ইউপিএ চৰকাৰৰ দিনৰ অভিলাষী আঁচনি মনৰেগা (MGNREGA) পুনৰুদ্ধাৰৰ দাবীত ২৬ জানুৱাৰীত দেশৰ প্ৰতিখন গাঁও সভাতে বিশেষ প্ৰস্তাৱ গ্ৰহণৰ পৰিকল্পনা কৰিছে দলে। বৰ্তমানৰ ‘ভিবি-জি ৰাম জি’ (VB-G RAM G) আইনৰ বিৰুদ্ধে ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ‘মনৰেগা বচাও সংগ্ৰাম’ৰ জৰিয়তে কংগ্ৰেছে তৃণমূল পৰ্যায়ৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ লক্ষ্য স্থিৰ কৰিছে।
১২ জানুৱাৰীৰ পৰা ২৯ জানুৱাৰীলৈ চলিবলগীয়া এই আন্দোলনৰ অংশ হিচাপে কংগ্ৰেছে ‘কাম মাংগো অভিযান’ (কাম বিচাৰক অভিযান) আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। এই কাৰ্যসূচীত ছোনিয়া গান্ধীৰ ভিডিঅ’ বাৰ্তা সম্প্ৰচাৰ কৰাৰ লগতে মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীৰ পত্ৰ শ্ৰমিকসকলৰ মাজত বিতৰণ কৰা হ’ব। ইয়াৰ উপৰি মনৰেগা আঁচনিৰ অধিকাৰ খৰ্ব হোৱাৰ অভিযোগ তুলি শ্ৰমিকসকলৰ স্বাক্ষৰ সম্বলিত প’ষ্টকাৰ্ড ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰাৰ বাবেও প্ৰস্তুতি চলাইছে দলটোৱে।
অজয় মাকেনৰ নেতৃত্বত গঠিত সমন্বয় সমিতিয়ে ইতিমধ্যে পঞ্চায়ত পৰ্যায়ৰ কৰ্মীসকলৰ মাজত এক খচৰা প্ৰস্তাৱ বিতৰণ কৰিছে। এই প্ৰস্তাৱত কামৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰা আৰু গাঁও পঞ্চায়তসমূহৰ নিজাকৈ পৰিকল্পনা কৰাৰ ক্ষমতা পুনৰ ঘূৰাই অনাৰ দাবী জনোৱা হৈছে। কংগ্ৰেছৰ অভিযোগ মতে, মোদী চৰকাৰে গ্ৰাম্য নিয়োগৰ ক্ষেত্ৰত জনসাধাৰণৰ আইনী গেৰাণ্টি কাঢ়ি লৈ ঠিকাদাৰসকলকহে অধিক ক্ষমতা প্ৰদান কৰিছে। ৪৫ দিনীয়া এই দেশজোৰা প্ৰতিবাদে আগন্তুক দিনত গ্ৰাম্য ৰাজনীতিত কেনে প্ৰভাৱ পেলায়, সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে।
