HSLC ৰ সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিলক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ।পৰীক্ষা বাতিল কৰা সিদ্ধান্তৰ পিছতেই হাহাকাৰ পৰিস্থিতি পৰীক্ষাৰ্থীৰ মাজত। চৰকাৰক সমালোচনা “নেমছু”ৰ
মাজনিশা হাই স্কুল শিক্ষান্ত পৰীক্ষা বাতিল কৰাৰ পিছতেই পিছতেই ৰাজ্যৰ লগতে দৰঙৰ ধূলা তো সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা কেন্দ্ৰৰ সন্মুখত ভিৰ কৰি থাকিবলৈ দেখা পোৱা যায়। পৰীক্ষা দিবলৈ আহি আধাবাটতে ঘূৰি যাব লগীয়া হৈছে পৰীক্ষাৰ্থীয়ে। এই ক্ষেত্ৰত চৰকাৰৰ লগতে শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু সন্থাই। ব্যৰ্থ শিক্ষামন্ত্ৰী গৰাকীয়ে অতি সোনকালে পদত্যাগ কৰিব লাগে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে NEMSUৰ দৰং জিলাৰ কাৰ্যকৰী সভাপতি মফিদুল ইসলামে।
