অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱক লৈ সদন উত্তাল; অমিত শ্বাহ আৰু গৌৰৱ গগৈৰ তীব্ৰ বাকযুদ্ধ

অধ্যক্ষৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱক লৈ আজি সংসদত শাসক-বিৰোধীৰ মাজত সৃষ্টি হয় এক উত্তপ্ত পৰিৱেশৰ। সদনৰ কাম-কাজত বাধা সৃষ্টি কৰাক লৈ দুয়োপক্ষই ইজনে আনজনক তীব্ৰ আক্ৰমণ কৰা পৰিলক্ষিত হয়। এই বিতৰ্কত অংশগ্ৰহণ কৰি সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে স্পষ্ট কৰি দিয়ে যে এই প্ৰস্তাৱ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে কোনো ব্যক্তিগত আক্ৰমণ নহয়।

গগৈয়ে সদনত কয় যে সংসদৰ মৰ্যাদা ৰক্ষাৰ বাবে এক দায়িত্ববোধৰ পৰাহে এই প্ৰস্তাৱ অনা হৈছে। ইয়াৰ লগতে তেওঁ চৰকাৰক কটাক্ষ কৰি মন্তব্য কৰে যে ভৱিষ্যতে যেতিয়া সংসদীয় নথি-পত্ৰৰ ওপৰত গৱেষণা হ’ব, তেতিয়া পৰিসংখ্যাই ক’ব যে কিৰেন ৰিজিজুৱেই আছিল এনে এজন সংসদীয় পৰিক্ৰমা মন্ত্ৰী যিয়ে বিৰোধীৰ ভাষণত আটাইতকৈ বেছি বাধা দিছিল।

এই মন্তব্যৰ প্ৰত্যুত্তৰ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গগৈৰ পৰ্যবেক্ষণৰ সৈতে একমত পোষণ কৰি বিৰোধী পক্ষক ওলোটাই সমালোচনা কৰে। শ্বাহে কয় যে তেওঁ স্বীকাৰ কৰে যে সংসদীয় পৰিক্ৰমা মন্ত্ৰী হিচাপে কিৰেন ৰিজিজুৱে সৰ্বাধিকবাৰ বাধা দিছে, কিন্তু দেশৰ ইতিহাসে ইয়াৰ আগতে কেতিয়াও ইমান দায়িত্বহীন বিৰোধী পক্ষও দেখা নাছিল।

সদনত চলি থকা এই তীব্ৰ বাকযুদ্ধই অধ্যক্ষৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱক কেন্দ্ৰ কৰি চলি থকা ৰাজনৈতিক সংঘাতক অধিক স্পষ্ট কৰি তুলিছে। দুয়োপক্ষই সংসদীয় কাৰ্যপ্ৰণালীত ব্যাঘাত জন্মোৱাৰ অভিযোগ উত্থাপন কৰাৰ ফলত সদনৰ মজিয়াত এক উত্তপ্ত পৰিৱেশ বিৰাজ কৰে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *