ওড়িশাৰ কটকস্থিত এছ চি বি চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ২.৩০ বজাত এক শোকাৱহ অগ্নিকাণ্ড ঘটে। ঘটনাটো আই চি ইউ কক্ষত আৰম্ভ হয়, য’ত সংকটজনক ৰোগীসকল চিকিৎসাধীন আছিল। অগ্নিকাণ্ডৰ ফলত ১০ জন লোকৰ মৃত্যু নিশ্চিত হৈছে আৰু ১১ গৰাকী কৰ্মচাৰী আহত হৈছে। ঘটনা সংঘটিত হোৱাৰ পাছত চিকিৎসালয়ত উপস্থিত ৰোগী আৰু তেওঁলোকৰ আত্মীয়সকলৰ মাজত আতংকৰ সৃষ্টি হয়। অগ্নিনিৰ্বাপক বাহিনী তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। মুখ্যমন্ত্ৰী মোহন চৰণ মাজিয়ে ঘটনাৰ সন্ধান লয় আৰু মৃতকৰ পৰিয়ালবৰ্গলৈ ২৫ লাখ টকা এককালীন সাহায্য আগবঢ়াওৱাৰ ঘোষণা কৰে। আই চি ইউৰ বাকী ৰোগীসকল সুৰক্ষিতভাৱে উদ্ধাৰ কৰি অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ’ল, সেই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে।
কটকৰ মেডিকেল কলেজত অগ্নিকাণ্ডৰ বিভীষিকা, প্ৰাণ গ’ল ১০ জন ৰোগীৰ
