যৌতুকৰ বাবেই ভয়ংকৰ কাণ্ড! জিমৰ ডাম্বলেৰে মৰিয়াই হত্যা ডেৰ বছৰীয়া সন্তানৰ মাতৃ কমাণ্ডো কাজলক

যৌতুকৰ দানৱীয় লালসা আৰু ঘৰুৱা হিংসাই পুনৰ কাঢ়ি নিলে এগৰাকী মহিলাৰ প্ৰাণ। দিল্লী আৰক্ষীৰ মহিলা কমাণ্ডো হিচাপে কৰ্মৰত কাজল নামৰ মহিলাগৰাকীক তেওঁৰ স্বামী অংকুৰে জিমত ব্যৱহাৰ কৰা ডাম্বলেৰে মূৰত উপৰ্যুপৰি আঘাত কৰি নিৰ্মমভাৱে হত্যা কৰে। প্ৰায় দুবছৰ পূৰ্বে প্ৰেমবিবাহত আৱদ্ধ হোৱা কাজলক নিজ স্বামীয়েই এইদৰে মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটনাই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে, ২০২৩ চনত হাৰিয়ানাৰ গন্নৌৰৰ বাসিন্দা তথা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এজন কেৰাণী অংকুৰৰ সৈতে কাজলৰ বিবাহ সম্পন্ন হৈছিল। দিল্লীৰ মোহন গাৰ্ডেনত বাস কৰা এই দম্পতীৰ ডেৰ বছৰীয়া এটি পুত্ৰ সন্তান আছে। কাজলৰ পৰিয়ালৰ অভিযোগ অনুসৰি, প্ৰেমবিবাহ হোৱা সত্ত্বেও স্বামী আৰু শহুৰেকৰ পৰিয়ালে কাজলক নিৰন্তৰ যৌতুকৰ বাবে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই আহিছিল।

যোৱা ২২ জানুৱাৰীত কাজলৰ ভাতৃ নিখিলৰ সৈতে ফোনত কথা পাতি থকা অৱস্থাতেই অংকুৰে কাজলৰ ওপৰত এই ভয়ংকৰ আক্ৰমণ চলাইছিল।

ইফালে আক্ৰমণৰ পাছত অংকুৰেই কাজলক অচেতন অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও তেওঁৰ অৱস্থাৰ কোনো উন্নতি হোৱা নাছিল। পৰৱৰ্তী সময়ত কাজলক যশোদা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় যদিও যোৱা মঙলবাৰে চিকিৎসাধীন অৱস্থাতেই তেওঁ মৃত্যুক সাৱটি লয়। অভিযুক্ত অংকুৰক ইতিমধ্যে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। এই হত্যাকাণ্ডৰ আটাইতকৈ কৰুণ দিশটো হ’ল এটি ডেৰ বছৰীয়া শিশুৱে পিতৃ আৰু মাতৃ দুয়োৰে সান্নিধ্যৰ পৰা বঞ্চিত হ’বলগীয়া হোৱাটো।

তদুপৰি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে ইয়াৰ পূৰ্বেও অংকুৰে কেইবাবাৰো কাজলক আক্ৰমণ কৰিছিল। বৰ্তমান কাজলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত তেওঁৰ পৈতৃক গাঁও বাড়ীলৈ নিয়া হৈছে, য’ত বুধবাৰে তেওঁৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হ’ব। এই ঘটনাই সমাজত শিপাই থকা যৌতুক প্ৰথা আৰু মহিলাৰ নিৰাপত্তাৰ ওপৰত পুনৰ এবাৰ ডাঙৰ প্ৰশ্নচিহ্নৰ অৱতাৰণা কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *