ৰাণী কেমিলাই আৰণ্যকক প্ৰদান কৰিলে সন্মানীয় মাৰ্ক শ্বাণ্ড বঁটা

উত্তৰ পূৱ ভাৰতত এছিয়ান হাতীৰ সংৰক্ষণৰ ক্ষেত্ৰত কৰা উৎকৃষ্ট কামৰ স্বীকৃতি স্বৰূপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকলৈ ব্ৰিটেইনৰ প্ৰসিদ্ধ দাতব্য সংস্থা “এলিফেণ্ট ফেমিলি”য়ে আগবঢ়োৱা অতি সন্মানীয় “মাৰ্ক শ্বাণ্ড বঁটা” ১৩ মে’ত প্ৰদান কৰা হয়। লণ্ডনৰ কিউস্থিত ৰয়েল বটানিক গাৰ্ডেনত আয়োজিত “ৱাণ্ডাৰছ অৱ দ্য ৱাইল্ড” শীৰ্ষক এক আড়ম্বৰপূৰ্ণ আৰু বিভিন্ন ক্ষেত্ৰৰ তাৰকাৰে ভৰি থকা অনুষ্ঠানত “এলিফেণ্ট ফেমিলি”ৰ যুটীয়া সভাপতিদ্বয় মহামহিম ৰজা চাৰ্লছ আৰু ৰাণী কেমিলাৰ পৰা আৰণ্যকৰ হাতী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ মুৰব্বী, জ্যেষ্ঠ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰে সংস্থাটোৰ হৈ বটাঁটো গ্ৰহণ কৰে।

এই বঁটা প্ৰদান উপলক্ষে আয়োজিত “ৱাণ্ডাৰছ অৱ দ্য ৱাইল্ড” শীৰ্ষক অনুষ্ঠানত এইচ আৰ এইচ ৰাজকুমাৰী বিয়েট্ৰিচ,  লেডী মেৰিনা উইণ্ডছৰ,  ব্ৰাজিলৰ ফুটবলাৰ ৰোনাল্ডো নাজাৰিঅ’, অভিনেতা এড ৱেষ্টউইক আৰু এমি জেকচন আৰু গায়িকা ছফী এলিছ-বেক্সটাৰ প্ৰমুখ্যে ২৫০ গৰাকী তাৰকা উপস্থিত থাকে। ইংৰাজী ভ্ৰমণ লেখক আৰু সংৰক্ষণবিদ, ৰাণীৰ ভাতৃ মাৰ্ক শ্বাণ্ড “এলিফেণ্ট ফেমিলি”ৰ প্ৰতিস্থাপক আছিল।

২০১৪ চনত ৬২ বছৰ বয়সত মৃত্যুবৰণ কৰা শ্বেণ্ডে চাৰিখন ভ্ৰমণ গ্ৰন্থ ৰচনাৰ লগতে  বিবিচিৰ একাধিক তথ্যচিত্ৰত অভিনয় কৰিছিল। এইবোৰৰ বেছিভাগেই আছিল হাতী সংৰক্ষণৰ বিষয়ক । তেওঁ “ট্ৰেভেলছ অন মাই এলিফেণ্ট” নামৰ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থখনৰ বাবে ১৯৯২ চনত “ব্ৰিটিছ বুক এৱাৰ্ডছ”ত “ট্ৰেভেল ৰাইটাৰ অৱ দ্য ইয়েৰ” বঁটা লাভ কৰিছিল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *