অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰসমূহৰ পুনৰুদ্ধাৰ আৰু ৰাজ্যৰ আইন-শৃংখলা ব্যৱস্থাক আধুনিক প্ৰযুক্তিয়ে পুনৰ সজাই তোলাৰ লক্ষ্যৰে সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক ব্যস্ত দিনটো অতিবাহিত কৰে। ৰাজ্যখনৰ ভ্ৰমণকালত তেওঁ মহাপুৰুষীয়া ধৰ্মৰ মূলকেন্দ্ৰ বটদ্ৰৱাৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ অত্যাধুনিক আৰক্ষী আয়ুক্তালয়লৈকে কেবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প দেশবাসীৰ বাবে মুকলি কৰে। গৃহমন্ত্ৰীগৰাকীৰ দিনটোৰ কাৰ্যসূচী আৰম্ভ হয় নগাঁৱৰ বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰৰ শুভ উদ্বোধনৰ জৰিয়তে। অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক জীৱনৰ অন্যতম পথপ্ৰদৰ্শক শংকৰদেৱৰ জন্মস্থানত নিৰ্মাণ কৰা এই অভিলাষী প্ৰকল্পটোৱে মহাপুৰুষগৰাকীৰ দৰ্শন আৰু শিক্ষাক বিশ্বদৰবাৰত নতুনকৈ চিনাকি কৰি দিব বুলি আশা কৰা হৈছে। ইয়াৰ পাছতে শ্বাহে বৰবাৰীত অৱস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ দৰ্শন কৰি অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁ শ্বহীদ স্মাৰকত বৃক্ষৰোপণো কৰে।
ৰাজ্যৰ সুৰক্ষা আৰু আধুনিক আৰক্ষী ব্যৱস্থাৰ দিশত এক নতুন মাত্ৰা যোগ কৰি গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত আৰক্ষী আয়ুক্তৰ নতুন ১০ মহলীয়া কাৰ্যালয়টো মুকলি কৰে। ১১১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই ভৱনটোত মিডিয়া চেল, ভেৰিফিকেচন ইউনিট আৰু ক’ৰ্ট ৰুমৰ পৰা আৰম্ভ কৰি সৌৰ শক্তি প্ৰকল্পলৈকে সকলো অত্যাধুনিক সুবিধা উপলব্ধ কৰা হৈছে। এই ভৱনটোৰ ভিতৰতে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ অধীনত স্থাপিত ‘ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কন্ট্ৰোল চেণ্টাৰ’ (ICCC) ৰো তেওঁ উদ্বোধন কৰে। এই কেন্দ্ৰটোৱে গুৱাহাটী মহানগৰীৰ নিৰীক্ষণ আৰু জৰুৰীকালীন আৰক্ষী সেৱাক অধিক গতিশীল কৰি তুলিব। গৃহমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ আন এক আকৰ্ষণ আছিল খানাপাৰাত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তম প্ৰেক্ষাগৃহ ‘জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ’ৰ উদ্বোধন। প্ৰায় ২৯১ কোটি টকা ব্যয়েৰে ৪৫ বিঘা মাটিত নিৰ্মিত ৫,০০০ আসনযুক্ত এই বৃহৎ সাংস্কৃতিক কমপ্লেক্সটোৱে গুৱাহাটীক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান আয়োজনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিব। এই প্ৰকল্পসমূহে অসমৰ ধৰ্মীয় পৰম্পৰা ৰক্ষাৰ লগতে নগৰীয় নিৰাপত্তা আৰু সাংস্কৃতিক আন্তঃগাঁথনিক এক নতুন উচ্চতালৈ লৈ যাব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।
