আন এখন চিৰিয়াখানা নিৰ্মাণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে, এইবাৰ অসমৰ ডিব্ৰুগড় জিলাত এই চিৰিয়াখানাখন স্থাপনৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে ।মুখ্যমন্ত্ৰীয়ে এক ভাষণত কয় যে, বৰ্তমানৰ গুৱাহাটী চিৰিয়াখানাৰ আৰ্হিত ডিব্ৰুগড়ত আন এখন অত্যাধুনিক চিৰিয়াখানা স্থাপনৰ অভিলাষী পৰিকল্পনা কৰা হৈছে।অনুমতি লাভ কৰাৰ লগে লগে চিৰিয়াখানাখন নিৰ্মাণৰ বাবে আগবাঢ়িব ৰাজ্য চৰকাৰ ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা
