হিমাচল প্ৰদেশ হ’ল দেশৰ চতুৰ্খন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য

এখন ৰাজ্যক “সম্পূৰ্ণ সাক্ষৰ” বুলি তেতিয়াহে কোৱা হয়, যেতিয়া ইয়াৰ ১৫ বছৰৰ ওপৰৰ জনসংখ্যাৰ ৯৫ শতাংশতকৈ অধিক লোকে পঢ়িব আৰু লিখিব পাৰে, লগতে মৌলিক হিচাপ-নিকাচ কৰিব পাৰে। এই তালিকাত ত্ৰিপুৰা, মিজোৰাম, গোৱা আৰু লাডাখৰ পাছত যোগ হ’ল আন এখন ৰাজ্য।নতুনকৈ সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে হিমাচল প্ৰদেশক। ৰাজ্যখনক “সম্পূৰ্ণ সাক্ষৰ ৰাজ্য” হিচাপে ঘোষণা কৰাটো শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক কৃতিত্ব বুলি অভিহিত কৰা হৈছে। এই সাফল্যৰ কথা ঘোষণা কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *