ৰাজ্যৰ ৪,৩৮,৫৬৫ গৰাকী শিক্ষাৰ্থীৰ শৈক্ষিক জীৱনৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। অসম চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ তত্ত্বাৱধানত অনুষ্ঠিত এই পৰীক্ষাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি ১,০৪৬ টা কেন্দ্ৰ গঢ়ি তোলা হৈছে। পৰীক্ষাৰ স্বচ্ছ আৰু নিকা পৰিৱেশ ৰক্ষা কৰিবলৈ কৰ্তৃপক্ষই সকলো অংশীদাৰক কঠোৰ নিয়ম পালনৰ নিৰ্দেশ দিছে। ধুবুৰী জিলাত ২৬,৯৩২ গৰাকী পৰীক্ষাৰ্থীৰ বাবে ৪৭ টা কেন্দ্ৰত সুৰক্ষাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পুৱা ৮ বজাৰ পৰাই শিক্ষাৰ্থীসকলে পৰীক্ষাকেন্দ্ৰত ভিৰ কৰা পৰিলক্ষিত হয় আৰু জিলা প্ৰশাসনে ম’বাইল ফোন, স্মাৰ্টৱাচ বা কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিয়াৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰে। বেছিভাগ কেন্দ্ৰতে চিচিটিভি কেমেৰাৰ জৰিয়তে নিৰীক্ষণ কৰাৰ লগতে ছেবাই বিশেষ পৰ্যবেক্ষকৰ দল নিয়োগ কৰিছে।
উল্লেখযোগ্য যে ধুবুৰী জিলাত শিক্ষাৰ্থীৰ সংখ্যা সৰ্বাধিক হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে কেন্দ্ৰসমূহৰ আশে-পাশে শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবলৈ আহ্বান জনাইছে। আনহাতে, বোকাখাত মহকুমা আৰু শোণিতপুৰ জিলাতো একেধৰণৰ উছাহৰ পৰিৱেশ দেখা গৈছে। শোণিতপুৰত এইবাৰ ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা অধিক হোৱাটো এক বিশেষ তাৎপৰ্য হিচাপে বিবেচিত হৈছে। জিলাখনৰ ৩৩ টা কেন্দ্ৰত মুঠ ১৩,৫৩৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে, যাৰ ভিতৰত ৭,৭৩৮ গৰাকীয়েই ছাত্ৰী। আগন্তুক ২৭ ফেব্ৰুৱাৰীত সমাপ্ত হ’ব মেট্ৰিক পৰীক্ষা।
