আবতৰীয়া বৰষুণত বৃহত্তৰ ৰাণী অঞ্চলত শালি ধানৰ বিস্তৰ ক্ষতিসাধন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ শালি ধানৰ খেতিৰ বাবে বিখ্যাত বৃহত্তৰ ৰাণী অঞ্চলত ৫ নৱেম্বৰৰ দিনা মাজনিশাৰ পাছত অহা মজলীয়াৰ পৰা ধাৰাষাৰ বৰষুণৰ বাবে পকা ধানসমূহ বাগৰি পৰাৰ ফলত চিন্তিত হৈ পৰিছে  অঞ্চলটোৰ কৃষক ৰাইজ। আহাৰ আৰু শাওন মাহত কপালৰ ঘাম মাটিত পেলাই কৰা শালি ধান সমুহ পকিবলৈ আৰম্ভ কৰাত কৃষক ৰাইজে ধান কটাৰ বাবে সাজু হৈছিল।  আনকি বনৰীয়া হাতীৰ মুক্ত বিচৰণৰ ফলত ধানৰ বহু ক্ষতিসাধন হোৱা স্বত্বেও কৃষক ৰাইজ হতাশ হোৱা নাছিল। কিন্তু  শেহতীয়াভাৱে ৫ নৱেম্বৰৰ দিনা অহা বৰষুণে  শালি ধানৰ বিস্তৰ ক্ষতিসাধন কৰে।

এই সন্দৰ্ভত ৰাণী অঞ্চলৰ আদৰ্শ কৃষক দীনেশ নাথ, ৰমেশ দাস, যুৱ কৃষক জোন ৰাভাকে ধৰি শালি ধানৰ খেতিৰ লগত জড়িত একাংশ কৃষকে জানিবলৈ দিয়া মতে  শালিধানৰ ভৰপক তথা কটাৰ প্ৰাক মুহূৰ্তৰ সময়ত বৰষুণৰ  ফলত ধান বাগৰি পৰাৰ লগতে পানীয়ে খেতিপথাৰ বুৰাই পেলোৱাত চিন্তিত হৈ পৰিছে  কৃষক ৰাইজ। যদি পুনৰ বৰষুণ আহে আৰু খেতিপথাৰসমূহ কিছুদিন পানীৰে উপচি থাকিলে পকা ধানবোৰ পচিবলৈ বা গজিবলৈ আৰম্ভ হোৱাৰ আশংকা আছে।ইফালে, কৃষকে ৰবি শষ্যৰ বাবে খেতিপথাৰত  হাল বাই ঠিক কৰি সাজু কৰিবলৈ লৈছিল আলু,  কবি, বিলাহী, বিন, পালেং, ধনীয়া, গাজৰ, জলকীয়া আদি কৰি শীতকালীন খেতি ৰুবলৈ নিজৰ মাটিডৰা প্ৰস্তুত কৰি সকলো বীজ যোগাৰ কৰাৰ সময়ত অহা  বৰষুণৰ বাবে হালবোৱা মাটিসমূহ বৰষুণৰ ফলত সম্পূৰ্ণৰূপে পিট খাই  যোৱাত এতিয়া চিন্তাত টোপনি নহা হৈছে। ইফালে পথাৰৰ আধা পকাধানসমূহ মাটিত পৰি লিপিত খাইছে। 

আনফালে শীতকালীন খেতিৰ বাবে  সাজু কৰা মাটিবোৰ বৰষুণে নষ্ট কৰিলে। যাৰ বাবে কৃষক ৰাইজে এতিয়া ভগৱানক প্ৰাৰ্থনা   জনাইছে যাতে অন্ততঃ এটা মাহ  বা ধান কাটি মৰণা মৰাৰ সময়লৈকে আৰু বৰষুণ আহিব নালাগে ।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *