বতৰ বিজ্ঞান বিভাগৰ মতে, বৰ্তমান দিল্লী-এন চি আৰত দিনক দিনে বৃদ্ধি পাইছে গৰমৰ মাত্ৰা ।এইবাৰ গ্ৰীষ্ম বন্ধৰ ভ্ৰমণসূচীৰ পৰিচালনা কৰোতে কিছু সাৱধান হওক, কিয়নো আপোনাৰ ভ্ৰমণত বতৰে দিব পাৰে বিধি-পথালি ।জানিব পৰা মতে, এইবাৰ পূৰ্বতকৈ অধিক গৰমৰ মাত্ৰা বৃদ্ধি পাব । বিশেষকৈ দিল্লীত এইবাৰ তাপমাত্ৰা ৪৫ ডিগ্ৰী চেলছিয়াছতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে । এই কথা সদৰী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে । লগতে বতৰ বিজ্ঞান বিভাগে দিল্লী আৰু এন চি আৰত সোমবাৰ আৰু মঙলবাৰে হালধীয়া সতৰ্কবাণী অৰ্থাৎ ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে ।বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি সপ্তাহৰ মাজভাগলৈকে দিল্লীত বৰষুণ হ’ব পাৰে । IMD-এ উত্তৰ ভাৰতৰ কিছু অংশত লঘুৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ লগতে ধুমুহা, বিজুলী, আৰু ধুমুহা বতাহ (ঘণ্টাত ৪০-৫০ কিলোমিটাৰ) হ’ব পাৰে বুলিও আগজাননী দিছে ।
এইকেইদিন বৃদ্ধি পাইছে তাপমাত্ৰা
