আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিফ বিৰিয়ানীক লৈ সৃষ্টি হোৱা সাম্প্ৰদায়িক উত্তেজনাই এতিয়া ধাৰণ কৰিছে তীব্ৰ ৰাজনৈতিক ৰূপ। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে গো-মাংসৰ বিৰিয়ানিৰ ৰেচিপি শ্বেয়াৰ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে আজি মুখ্যমন্ত্ৰীয়ে বিধায়কগৰাকীৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে। খাদ্যৰ দৰে সংবেদনশীল বিষয় এটাক লৈ সমাজত মেৰুকৰণৰ সৃষ্টি কৰা কাৰ্যক চৰকাৰৰ মুৰব্বীগৰাকীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰি ইয়াৰ অন্তৰালত থকা ৰাজনৈতিক উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰে।
মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত স্পষ্টকৈ কয় যে খাদ্যৰ পছন্দ ধৰ্মীয় আৰু সাংস্কৃতিক বিশ্বাসৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত, সেয়ে ইয়াক কোনো সম্প্ৰদায়ক উচতনি দিবলৈ ব্যৱহাৰ কৰিব নালাগে। বিধায়কগৰাকীৰ বিৰুদ্ধে সাম্প্ৰদায়িক আখ্যান প্ৰচাৰৰ অভিযোগ তুলি তেওঁ কয় যে “মুছলমানসকলে বিৰিয়ানি খায়, প্ৰশ্ন হ’ল হিন্দুসকলক কেনেকৈ গো-মাংস খাবলৈ প্ৰশিক্ষণ দিয়া হ’ব?” এনে ধৰণৰ প্ৰচাৰে অসমৰ ঐক্য আৰু সামাজিক সম্প্ৰীতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব বুলি তেওঁ উল্লেখ কৰে।
অসমৰ বহুত্ববাদী সামাজিক গাঁথনিৰ ওপৰত গুৰুত্ব দি তেওঁ মন্তব্য কৰে যে ৰাজ্যখনৰ পৰিচয় কোনো নিৰ্দিষ্ট খাদ্যৰ দ্বাৰা নিৰূপিত নহয়। “অসম মানেই বিৰিয়ানি বা পৰঠা নহয়; মুছলমানে মুছলমানৰ খাদ্য খাব আৰু হিন্দুৱে হিন্দুৰ খাদ্য খাব” বুলি উল্লেখ কৰি তেওঁ জনায় যে কাকো নিজৰ পৰম্পৰাগত খাদ্যভ্যাস সলনি কৰিবলৈ বাধ্য কৰাব নোৱাৰি। সমাজত সহাৱস্থান বৰ্তাই ৰাখিবলৈ হ’লে ইটো সম্প্ৰদায়ে আনটো সম্প্ৰদায়ৰ আৱেগৰ প্ৰতি সংবেদনশীল হোৱাটো জৰুৰী বুলি তেওঁ দোহাৰে।
ইফালে, ৰাজহুৱা স্থান আৰু বজাৰসমূহ ধৰ্ম নিৰপেক্ষ হৈ থকাটো উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজহুৱা স্থানত এনে খাদ্যহে পৰিৱেশন কৰিব লাগে যিটো হিন্দু আৰু মুছলমান উভয়ৰে বাবে গ্ৰহণযোগ্য। বিভাজনৰ ৰাজনীতি কৰাৰ পৰিৱৰ্তে দুয়োটা সম্প্ৰদায়ৰ মাজত খাদ্যক লৈ থকা পাৰস্পৰিক সংবেদনশীলতা বজাই ৰাখিবলৈহে তেওঁ সকলোকে আহ্বান জনায়।
