উত্তপ্ত কোকৰাঝাৰ! পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন ভাৰতীয় সেনা

কোকৰাঝাৰ জিলাৰ অতি স্পৰ্শকাতৰ অঞ্চলসমূহত উত্তেজনা হ্ৰাস কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে মঙলবাৰে নিশাৰে পৰা সেনাৰ সাহায্য লৈ এক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। কাৰিগাঁও আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহত দুটা ফৈদৰ মাজত সংঘটিত হিংসাত্মক সংঘাতত দুগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাটাও কাৰ্যালয়ত অগ্নিসংযোগ আৰু পথ অৱৰোধৰ দৰে পৰিস্থিতি সৃষ্টি হোৱাৰ পাছতে এই ব্যৱস্থা গ্ৰহণ কৰা হয়। প্ৰতিৰক্ষা বিভাগৰ এক সূত্ৰই জনোৱা মতে, মঙলবাৰে নিশা সেনাৰ কলামে জিলা প্ৰশাসনৰ সৈতে যুটীয়াভাৱে তহল চলায় আৰু আজি ৰাইজৰ মাজত বিশ্বাস ঘূৰাই আনিবলৈ ফ্লেগ মাৰ্চ কৰাৰো পৰিকল্পনা কৰা হৈছে। বৰ্তমান জিলাখনত সেনাৰ চাৰিটা কলাম মোতায়েন কৰা হৈছে।

উল্লেখযোগ্য যে সোমবাৰে নিশা কাৰিগাঁও আউটপোষ্টৰ সমীপত সংঘটিত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰিয়েই এই উত্তপ্ত পৰিস্থিতিৰ সূত্ৰপাত ঘটে। এখন বাহনে দুজন লোকক খুন্দা মৰাৰ পাছতে উত্তেজিত ৰাইজে বাহনখনৰ আৰোহীক আক্ৰমণ কৰাৰ লগতে বাহনখনত জুই লগাই দিয়ে, যাৰ ফলত এজনৰ থিতাতে আৰু আনজনৰ চিকিৎসালয়ত মৃত্যু হয়। মঙলবাৰেও এই হিংসাৰ প্ৰভাৱ অব্যাহত থাকে আৰু দুয়োটা সম্প্ৰদায়ৰ লোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। উত্তেজিত জনতাই এটা চৰকাৰী কাৰ্যালয় আৰু আৰক্ষীৰ আউটপোষ্টতো আক্ৰমণ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠীচালনা কৰিবলগীয়া হয়, য’ত আৰক্ষীৰ জোৱানসহ কেইবাজনো লোক আহত হয়।

বৰ্তমান প্ৰশাসনে কোকৰাঝাৰ আৰু চিৰাং জিলাত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে যাতে কোনো ধৰণৰ উৰাবাতৰি বিয়পিব নোৱাৰে। লগতে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ঘৰ এৰি পলাই যোৱা লোকসকলৰ বাবে দুটাকৈ সাহায্য শিবিৰো মুকলি কৰিছে জিলা প্ৰশাসনে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতি নিৰীক্ষণ কৰি থকাৰ লগতে অঞ্চলটোত শান্তি বজাই ৰাখিবলৈ ৰাইজক আহ্বান জনাইছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *