আপুনি গেষ্ট্ৰিকৰ সমস্যাত ভুগি আছে নেকি

জলফাই অতি পুষ্টিগুণ সমৃদ্ধ শীতকালীন ফল.. এই উদ্ভিদ জোপাই আমাৰ দেহৰ ৰোগ নাশ কৰাৰ লগতে-সৌন্দৰ্য বৃদ্ধিটো সহায় কৰে..।জলফাই টেঙা প্ৰায়সংখ্যক লোকেৰে প্ৰিয়। বিশেষকৈ ঠাণ্ডাৰ বতৰত দুপৰীয়া ভাত খোৱাৰ পাছত ৰ’দত বহি জলফাই খোৱাৰ এক সুকীয়া মাদকতা আছে। সমাজৰ প্ৰায় প্ৰতিটো বয়সৰ শ্ৰেণীৰ লোকৰে প্ৰিয় এই ফলবিধ। বহুতে কয়, জলফাই টেঙাৰ আচল জুতি তেতিয়াহে পোৱা যায় যেতিয়া তাক ভালদৰে সৰু-সৰুকৈ কাটি তাত নিমখ আৰু জলকীয়া মিহলি কৰি খোৱা যায়। অৱশ্যে বহুতৰ বাবে প্ৰিয় জলফাই টেঙাৰ আচাৰ।জলফাইৰ ঔষধি গুণাগুণসমূহ জানি লওক—— গেষ্ট্ৰিকৰ সমস্যাত দীর্ঘদিন ধৰি ভূগি থকা জনে প্রতিদিনে এটাকৈ জলফাই খালে সুফল পাব। জলফাইত প্ৰচুৰ পৰিমাণে ভিটামিন-এ.বি.চি.কে-আইৰণ-কেলছিয়াম-পটাছিয়াম বিটা- কেৰাটিন_মেগনেছিয়াম-ফাইবাৰ-ফছফৰাছ আদি উপাদান পোৱা যায়..।জলফাইত প্ৰাকৃতিক এন্টি-ফাংগল-এন্টি বেক্টেৰিয়েল আৰু-এন্টি ভাইৰেল গুণ থকাৰ বাবে-চৰ্দি-জ্বৰ-কাঁহ-আদি দূৰ কৰি-শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বঢ়াই..। জলফাই অথবা জলফাইৰ তেল ব্যৱহাৰ কৰিলে দেহত থকা হাড়ৰ খনিজ ঘনত্ব বৃদ্ধি হয় আৰু ইয়াৰ ফলত হাড় অধিক শক্তিশালী হয়। জলফাইত অলিক এচিড আৰু ভিটামিন E যথেষ্ট মাত্ৰাত উপলব্ধ থাকে। ই ছাল সতেজ আৰু উজ্জ্বল কৰি ৰখাত সহায় কৰে। জলফাইত থকা আঁহে কোষ্ঠকাঠিন্য প্ৰতিহত কৰি খাদ্যবস্তুৰ হজমত সহায় কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *