আমি খোৱা বেছিভাগ খাদ্যতে আজিকালি ময়দা থাকে কিন্তু আপুনি জানেনে ময়দাই আমাৰ শৰীৰৰ কিমান ক্ষতিসাধন কৰে ?ময়দা নহ’লে দেখোন চিংৰা, পৰঠা, মম’ আদি বেচা হোটেল বোৰৰ ৰমৰমিয়া ব্যৱসায়েই বন্ধ হৈ যাব। আজিৰ উঠি অহা প্ৰজন্মই পিজ্জা, বাৰ্গাৰ আদি খাবলৈ নাপালে হুলস্থুল লগাব। কাৰণ ময়দাৰ পৰা বনোৱা এই ফাষ্ট ফুড বোৰেই সিহঁতৰ পছন্দৰ খাদ্য।ব্ৰেকফাষ্টত ময়দাৰ পৰা তৈয়াৰী খাদ্য যেনে পুৰি, পৰঠা, ব্ৰেড বাতাৰ, ব্ৰেড ট’ষ্ট আদি খাই বহুলোকে ভাল পায়। মুঠতে দেশী, বিদেশী বহু ব্যঞ্জনত ময়দা এক অন্যতম মুখ্য উপকৰণ। কিন্তু অপ্ৰিয় হ’লেও সত্য যে এই ময়দাৰ পৰা তৈয়াৰী খাদ্যবোৰ আমাৰ শৰীৰৰ বাবে অপকাৰী।শেহতীয়াকৈ প্ৰকাশিত এক অধ্যয়নত, খাদ্যত ময়দাৰ ব্যৱহাৰ হৃদৰোগ, ডায়েবেটিচ, বৰ্ধিত মেদবহুলতা, আৰু অন্যান্য ৰোগৰ সৈতে সম্পৰ্কিত বুলি কৈছে ৷ ময়দা এচিড, চেনি আৰু সংসাধিত ঘেঁহুৰে গঠিত আৰু ইয়াত কম ফাইবাৰে থাকে যি শৰীৰৰ বাবে অত্যাৱশ্যকীয় ৷মাজে সময়ে কেতিয়াবা খোৱাটো বাৰু একো নাই, কিন্তু এইবোৰ বস্তু নিয়মীয়াকৈ খোৱাতো আমাৰ শৰীৰৰ বাবে হানিকাৰক। আমি কিমানে বাৰু এই ময়দাৰ বিষয়ে ভালকৈ জানো? ময়দাৰ পৰা বনোৱা খাদ্যৰ জুতি লৈ থাকোতে ময়দাৰ বিষয়ে আমাৰ জানিবলৈ মন নাযায় নে বাৰু?অত্যধিক ময়দা খোৱাৰ ফলত হজমৰ সমস্যা হ’ব পাৰে ৷ ময়দা খোৱাৰ ফলত হজমৰ সমস্যা যেনে কোষ্ঠকাঠিন্য, বদহজম আৰু এচিডিটি হ’ব পাৰে ৷ময়দা খোৱাৰ ফলত শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ দ্ৰুতগতিত বৃদ্ধি হ’ব পাৰে, কিয়নো ময়দাৰ গ্লাইচেমিক সূচক যথেষ্ট বেছি ৷ অত্যধিক ময়দা সেৱন কৰাৰ ফলত তেজত গ্লুকোজ জমা হয়, যাৰ ফলত ডায়েবেটিচৰ সমস্যা বৃদ্ধি হ’ব পাৰে ৷ময়দা এচিডিক প্ৰকৃতিৰ হয় ৷ ইয়াত থকা প্ৰ’টিনৰ পৰিমাণ নগণ্য ৷ অত্যধিক পৰিমাণে ময়দা খালে আপোনাৰ শৰীৰত এচিডৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে ৷ ইয়াৰ ফলত হাড়ৰ ওপৰত বেয়া প্ৰভাৱ পৰে আৰু হাড় দুৰ্বল হোৱাৰ সমস্যা হ’ব পাৰে ৷
আপোনাৰো ময়দাৰে বনোৱা বস্তু প্রিয় নেকি
